জঘন্য! কেৰালাত তোলনীয়া নাবালিকা কন্যাক উপৰ্যুপৰি ধৰ্ষণ অসম মূলৰ ব্যক্তিৰ

৮২ বছৰৰ কাৰাদণ্ড বিহিলে কেৰালাৰ আদালতে

man raping minor stepdaughter

এক জঘন্য, বৰ্বৰ অপৰাধৰ শাস্তি হিচাপে কেৰালাত ৮২ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত হৈছে অসম মূলৰ এজন লোক। নিজৰ নাবালিকা তোলনীয়া কন্যা সন্তানক একাধিকবাৰ ধৰ্ষণ কৰা অপৰাধত কেৰালাৰ আদালতে এই শাস্তি বিহিছে লোকজনক।

প্ৰকাশিত খবৰ অনুসৰি, লোকজনে নাবালিকাগৰাকীক ছুৰী দেখুৱাই ভীতিগ্ৰস্ত কৰি তুলিছিল আৰু তাৰ পিছতো তেনেদৰে পাঁচ দিন ধৰি ধৰ্ষণ কৰিছিল।

এনে জঘন্য আতিশয্যৰ পৰিণতিত গৰ্ভধাৰণ কৰিছিল নাবালিকাগৰাকীয়ে।

বুধবাৰে (৩১ জানুৱাৰী) পেৰুম্বাভুৰ ফাষ্ট ট্ৰেক বিশেষ আদালতৰ ন্যায়াধীশ দীনেশ এম পিল্লাইয়ে গোচৰৰ শুনানি গ্ৰহণ কৰি শাস্তি প্ৰদান কৰে।

আদালতে লগতে ভুক্তভোগীক ক্ষতিপূৰণ হিচাপে লোকজনক ১.১ লাখ টকাৰ জৰিমনা আৰোপ কৰে।

বিচাৰপীঠে পকচৌ (POCSO)আইনৰ বিধান অনুসৰি চাৰিটাকৈ ভিন্ন অপৰাধৰ বাবে ২০ বছৰৰ বাবে আৰু কিশোৰ ন্যায় আইনৰ অধীনত দুবছৰ, মুঠ ৮২ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।