৩০ ডিচেম্বৰৰ ভিতৰত অসম-মেঘালয় সীমান্তৰ বিবাদমান অঞ্চলৰ সমস্যা সমাধানৰ লক্ষ্য: দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সংবাদমেল

Assam-Meghalaya Chief Ministers' press conference

খানাপাৰাৰ কইনাধাৰাত সীমা সমস্যাক কেন্দ্ৰ কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যৌথ সংবাদমেল সম্বোধন কৰে।

মঙ্গলবাৰে লাংপিলৈ যাত্ৰা কৰিছিল দুয়োগৰাকী মুখ্যমন্ত্ৰী।তাৰ পাছতে খানাপাৰাৰ কইনাধৰাত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাই।

উক্ত সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি অসম-মেঘালয় সীমান্তৰ মুঠ ১২ টা বিবাদমান অঞ্চল আছে।

তাৰে প্ৰথম পৰ্য্যায়ত ৬ টা অঞ্চলৰ সীমা সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিবাদমান অঞ্চলকেইটা ক্ৰমে খানাপাৰা, হাহিম, বক্লাপাৰা, পিলিংকাটা, তাৰাবাৰী আৰু গিজাং।

অহা ৩০ ডিচেম্বৰৰ ভিতৰত সমস্যা সমাধানৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে, অহা ৩০ নবেম্বৰৰ ভিতৰত মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত গঠন কৰা উচ্চস্তৰীয় কমিটিয়ে প্ৰতিবেদন দাখিল কৰিব বুলি তেওঁ উল্লেখ কৰে।

ইপিনে, উক্ত দীৰ্ঘদিনীয়া দুই ৰাজ্যৰ সীমা সমস্যাৰ সমাধান বুজা-বুজিৰ মাধ্যমেৰে হ’ব বুলি উল্লেখ কৰি সকলো ৰাইজৰ সহযোগিতা বিচাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।

সীমা বিবাদ সমাধানৰ বাবে অসমৰ পৰা তিনিখন আৰু মেঘালয়ৰ পৰা তিনিখন সমিতি গঠন কৰা হৈছে। কমিটীখনে ৩০ নৱেম্বৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব আৰু চূড়ান্ত প্ৰতিবেদন ৩০ ডিচেম্বৰত দাখিল কৰিব।