• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 3, 2025 2:15 pm
69
VIEWS
Share on FacebookShare on Twitter

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

অসমৰ কামৰূপ জিলালৈ বৈ যোৱা সৰু নদী কুশলী নদীৰ জলবিদ্যুৎ প্ৰকল্পক লৈ ব্যাপক প্ৰতিবাদ। কুলশী নদীত ৫৫ মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্পৰ প্ৰস্তাৱৰ বিৰুদ্ধে দক্ষিণ পশ্চিম অসমত ১৯টা সংগঠনৰ সদস্যই ২৫ জুনত প্ৰতিবাদ সাব্যস্ত কৰে ।  এখন বৈঠকৰ অন্তত ২জুনত আন্তঃৰাজ্যিক সীমান্তৰ বিবাদিত অঞ্চলসমূহ সমাধানৰ উদ্দেশ্যে এই প্ৰকল্পৰ কথা ঘোষণা কৰিছিল অসম আৰু মেঘালয় চৰকাৰে । অসম চৰকাৰ হায় হায়, মেঘালয় চৰকাৰ হায় হায়, কুলশী নদীত বান্ধ নিৰ্মাণ নচলিব, প্ৰকৃতি ধ্বংস নচলিব আদি ধ্বনিৰে প্ৰতিবাদ আৰম্ভ কৰে দক্ষিণ কামৰূপৰ প্ৰাকৃতিক সম্পদেৰে চহকী অসম – মেঘালয় সীমান্তৰ অঞ্চলত। কুশলী নদীত ৫৫ মেগাৱাট জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে চৰকাৰে লোৱা সিদ্ধান্ত বাতিলৰ বাবে ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা , ছয়গাঁও আঞ্চলিক মহিলা পৰিষদ, ছয়গাঁও আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি, ছয়গাঁও আঞ্চলিক গাৰো ছাত্ৰ সন্থা, গাৰো জাতীয় পৰিষদ, গাৰো মহিলা পৰিষদ আৰু মেঘালয়ৰ খাচী ছাত্ৰ সন্থাকে ধৰি বহুকেইটা দল-সংগঠনে উকিয়াম ৰাজহুৱা খেলপথাৰত প্ৰতিবাদী সভা সৃষ্টি কৰে । জানিব পৰা মতে, মুঠ ২৭ খন গাৱৰ লক্ষাধিক লোকৰ জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে এই জলবিদ্যুৎ প্ৰকল্পই ।

স্থানীয় লোকসকলৰ মতে জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ ফলত নদীত থকা ডলফিনৰ ক্ষতি হ‘ব । REPORT ON GANGETIC RIVER DELPHINE STUDY ৰ মতে কুলশী নদী, যি মেঘালয়ৰ পশ্চিম খাচী পাহাৰ জিলাৰ পৰা অসমৰ কামৰূপ জিলালৈ বৈ গৈছে, সেই নদীত প্ৰায় ২০ ৰ পৰা ২৫ টা কৈ ডলফিন আছে। যিকোনো উন্নয়নমূলক কাৰ্যকলাপে নিশ্চিত ভাৱে নদীত থকা ডলফিনৰ জনসংখ্যাক প্ৰভাৱিত কৰিব। চলিত বৰ্ষৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গাংগেয় ডলফিনৰ প্ৰথমটো প্ৰাক্কলন উদ্বোধন কৰিছিল, য‘ত অসমৰ কুশলী নদীত ২০ ৰ পৰা ২৫টা প্ৰজাতিৰ জনসংখ্যাকে ধৰি অসমত ৬৩৫ টা প্ৰজাতিৰ নথিভুক্ত কৰা হৈছিল।

গাৰো নেশ্যনেল কাউন্সিলৰ উপদেষ্টা সুনীত টি মাৰাকে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ কয়, “অসম আৰু মেঘালয় চৰকাৰে জধেমধে লোৱা এই সিদ্ধান্তৰ আমি সদায়েই বিৰোধ কৰি যাম । ৰাইজৰ ভূমি, নদী মাৰি কৰিবলৈ লোৱা ছেটেলাইট চিটী, নদী বান্ধৰ বিৰোধিতাত ৰাইজে ওলাই আহি প্ৰতিবাদ কৰিব লাগিব। চৰকাৰে আদানী-আম্বানীৰ সুৰক্ষা তথা ব্যৱসায়িক স্বাৰ্থ পূৰণৰ বাবে এইদৰে ৰাইজক উচ্ছেদ বা ধ্বংস কৰিব বিচৰা কাৰ্য নচলিব “। তাৰোপৰি আৰছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মতিলাল বাকচুৱে প্ৰতিবাদীত অংশগ্ৰহণ কৰি কয়, “কুলসী নদী আমাৰ প্ৰাণ । জৈৱ-বৈচিত্র্য, দুস্প্ৰাপ্য শিহুৰ এই বাসভূমি কুলসীৰ বান্ধৰ বাবে প্ৰায় ৬২ ফুট ওখ বেৰ নিৰ্মাণ কৰিবলগীয়া হ‘লে ৯০ শতাংশ কৃষিজীৱী লোকে জীৱন-জীৱিকা হেৰুৱাব লাগিব । সংৰক্ষিত বনাঞ্চলৰো ক্ষতি হ‘ব ।  অকল ৰাভা নহয়, অঞ্চলটোৰ বিভিন্ন গাৰো, খাছী আদি জাতি জনগোষ্ঠীৰ ভাষা, কৃষ্টি-সংস্কৃতি বিনষ্ট হ‘ব ।” গতিকে চৰকাৰক এই সিদ্ধান্ত বাতিলৰ বাবে তেওঁ দাবী জনায় ।

Recent News

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd