অসম-মেঘালয় সীমান্ত বিবাদ: গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত চুক্তি স্বাক্ষৰ

Assam-Meghalaya border disputes

অসম আৰু মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমান্ত বিবাদ সমাধানৰ বাবে আজি এক ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰিছে।

অসম আৰু মেঘালয়ৰ মাজত স্বাক্ষৰিত এই চুক্তিয়ে অতি কমেও ছয়টা এলেকাৰ সীমান্ত বিবাদ সমাধান কৰিব।

দুয়োখন ৰাজ্যৰ মাজত ৫০ বছৰ ধৰি চলি থকা সীমা বিবাদ সমাধানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত এই চুক্তি স্বাক্ষৰিত হয়।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত নতুন দিল্লীত চুক্তিখন স্বাক্ষৰিত হয়।

চুক্তিস্বাক্ষৰ কৰাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “এইটো আমাৰ বাবে এক ঐতিহাসিক দিন। এই বুজাবুজি চুক্তিৰ পিছত অহা ৬-৭ মাহত আমি বাকী থকা বিতৰ্কিত স্থানসমূহৰ সমস্যা সমাধান কৰাৰ লক্ষ্য ৰাখিছো।”

তেওঁ লগতে কয়, “আমি উত্তৰ-পূব অঞ্চলক দেশৰ বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰিম।”

“কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়েও অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সীমান্ত বিবাদ সমাধান কৰিবলৈ অনুৰোধ জনাইছে। মই অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ সৈতে এখন বৈঠকত ভাগ লৈছিলো। বৈঠকত আমি ১২২ টা বিতৰ্কিত স্থানৰ নিষ্পত্তি কৰিবলৈ ৰ’ড মেপ প্ৰস্তুত কৰিছো। মিজোৰাম আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীসকলৰ সৈতেও প্ৰাৰম্ভিক আলোচনা আৰম্ভ হৈছে।” মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয়।

“পোন প্ৰথমে, উত্তৰ-পূবৰ ৰাজ্যসমূহত সীমান্ত বিবাদ সমাধানৰ নিৰ্দেশ দিয়াৰ বাবে মই গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জনাব বিচাৰো। আজি সংকল্পৰ প্ৰথম পৰ্যায় কাৰ্যকৰী কৰা হৈছে। এইয়া কেৱল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেহে সম্ভৱ হ’ব পাৰে।” মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয়।

তেওঁ লগতে কয়, “মই সমিতিৰ সকলো সদস্য আৰু দুয়োখন ৰাজ্যৰ বিষয়াসকলকো ধন্যবাদ জনাব বিচাৰো। আমি অতি সোনকালে আমাৰ ৰাজ্যসমূহৰ মাজত অধিক পাৰ্থক্য সমাধান কৰিবলৈ চেষ্টা কৰিম।”

“আজি অসম আৰু মেঘালয়ৰ মাজত ৫০ বছৰ পুৰণি অমীমাংসিত সীমা বিবাদৰ সমাধান কৰা হৈছে। বিবাদৰ ১২ টা স্থানৰ ভিতৰত ৬ টা সমাধান কৰা হৈছে, য’ত সীমাৰ প্ৰায় ৭০% অন্তৰ্ভুক্ত আছে।বাকী ৬ টা স্থানৰ সমস্যা অতি সোনকালে সমাধান কৰা হ’ব।” কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয়।

তেওঁ লগতে কয়, “২০১৪ চনৰ পৰা মোডীজীয়ে উত্তৰ-পূব অঞ্চলৰ উন্নয়নৰ বাবে প্ৰচেষ্টা চলাই আহিছে। আজি মই অসমৰ মুখ্যমন্ত্ৰী আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীক তেওঁলোকৰ সীমা বিবাদ সমাধানৰ বাবে চুক্তি স্বাক্ষৰ কৰাৰ বাবে অভিনন্দন জনাইছো।”