ডিঙিত গামোচা, মুখত অসমীয়া ভাষাৰে লোকসভাৰ সদস্যৰূপে শপত গ্ৰহণ কৰিলে অসমৰ সাংসদসকলে

MP from Assam take oath

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

আজিৰপৰা অনুষ্ঠিত হোৱা সপ্তদশ লোকসভাৰ প্ৰথমখন অধিবেশনত লোকসভাৰ সদস্য হিচাপে শপতগ্ৰহণ কৰে বিজেপিৰ সংসদীয় দলৰ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ আদিকৰী ভালেসংখ্যক সাংসদে।

অসমৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱা চৈধ্যগৰাকী সাংসদেও আজি লোকসভাৰ সদস্য হিচাপে অসমীয়াত শপত গ্ৰহণ কৰে। লোকসভা সচিবালয়ে শপতগ্ৰহণ কৰিবলগীয়া শপতনামা ২২ টা ভাষাত অনলাইন মাধ্যমত উপলব্ধ কৰে যাৰদ্বাৰা সদস্যসকলে এই ২২ টা ভাষাৰ ভিতৰত যিকোনো ভাষাত শপন গ্ৰহণ কৰিব পাৰে।

অসমৰ সাংসদসকলৰ ভিতৰত কেন্দ্ৰীয় খাদ্য সংসাধন ৰাজ্যিক মন্ত্ৰী হিচাপে ইতিমধ্যে শপতগ্ৰহণ কৰা ৰামেশ্বৰ তেলী, প্ৰদ্যুত বৰদলৈ, প্ৰদান বৰুৱা, পল্লৱ লোচন দাস, কুইন ওজা, গৌৰৱ গগৈ, তপন গগৈ, নৱ কুমাৰ শৰণীয়া, কৃপানাথ মাল্লা, ৰাজদ্বীপ ৰয়, হৰেণ সিং বে, বদৰুদ্দিন আজমল, আব্দুল খালেক আৰু দিলীপ শইকীয়াই আঞ্চলিক ভাষাত শপতগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, সপ্তদশ লোকসভাৰ প্ৰথমখন অধিৱেশন আৰম্ভ হোৱাৰ ঠিক পূৰ্বে এখন সৰ্বদলীয় বৈঠকত পৌৰোহিত্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ জুনত ‘এক দেশ এক নিৰ্বাচন’ প্ৰসংগত আলোচনা কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ মুৰব্বীক আমন্ত্ৰণ জনায়।