ফিল্ম ফেয়াৰৰ “ভুৱা” টিকট সাংসদ বিশ্বজিৎ দৈমাৰীৰ হাতত! বহিবলৈ নিদিলে আয়োজক টাইমছ অব ইণ্ডিয়াই

অসমৰ সাংসদক অপমান ফিল্ম ফেয়াৰ এৱাৰ্ডৰ আয়োজকৰ

ৰাজ্য চৰকাৰৰ সহযোগত গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ফিল্ম ফেয়াৰ এৱাৰ্ড অনুষ্ঠানত প্ৰৱেশ কৰিবলৈ গৈ একপ্ৰকাৰৰ অপমানৰ সন্মুখীন হৈ উভতি আহিব লগীয়া হয় সাংসদ বিশ্বজিৎ দৈমাৰী।

আয়োজক টাইমছ অব ইণ্ডিয়াৰ কৰ্মকৰ্তাই সাংসদজনে প্ৰৱেশ কৰি বহিব খোজোতেই তেওঁৰ হাতত থকা নিমন্ত্ৰণী টিকটটো বৈধ নহয় বুলি কয়। এই সম্পৰ্কত যথেষ্ট সময় বাকবিতণ্ডাৰ পিছত বিফল মনোৰথ হৈ উভতি আহে সাংসদজন।

আজি সংবাদ মাধ্যমৰ আগত বি পি এফৰ সাংসদজনে নিজৰ দুৰৱস্থাৰ কথা বিৱৰি কয় আৰু আয়োজক টাইমছ অব ইণ্ডিয়াক “বেপাৰী” আখ্যা দিয়ে।

“যেতিয়া মই তাত গৈছিলো মোৰ টিকটটো টাইমছ অব ইণ্ডিয়াৰ মানুহে নহয় বুলি ক’লে। তেওঁলোকে সেই টিকটটো ইছ্যু কৰা নাই বুলি কয়। তেতিয়া তেওঁলোকক মই কৈছিলো- মোক সেইটো টিকটেই দি নিমন্ত্ৰণ জনাইছে। আপোনালোকৰ মাজত আলোচনা নকৰি মোক কিয় কৈছে? তেতিয়া তেওঁলোকে কয় যে আমিয়েই এই অনুষ্ঠানৰ আয়োজন কৰিছো আৰু আমি তেনেকুৱা কোনো চিঠি ইছ্যু কৰা নাই। ইয়াৰ অৰ্থ এইটোৱে যে মোৰ কাৰণে তেওঁলোকে চিঠি ইছ্যু কৰা নাছিল। দুই তিনিবাৰকৈ মোক সেইবিলাক কথা কৈ থাকিল” দৈমাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়।

চৰকাৰে বহুত পইচা দিহে তেওঁলোকক আনিছে বুলিও মন্তব্য কৰে।

“তেওঁলোক ব্যৱসায়ী মানুহ। অসমলৈ মৰমত অহা নাই। তেওঁলোকক অসম চৰকাৰে বহুত পইচা দিয়া বাবে বেপাৰৰ কাৰণে আহিছে। গতিকে তেওঁলোকৰ মোৰ টিকটৰ ওপৰত ধান্দা আছে। সাংসদ এজনক বহোৱা-নবহোৱাৰ লগত কথা নাই। তেওঁলোকৰ পইচাৰ লগত কথা। বেপাৰীৰ লগত এইখিনি হ’বই। কালিৰ অনুষ্ঠান বেপাৰীৰ অনুষ্ঠান আছিল। গতিকে যি হ’ব লাগে হৈ গ’ল”, দৈমাৰীয়ে ক্ষোভেৰে কয়।