ৰঞ্জী ট্ৰফী : অন্তিম দিনা মহাৰাষ্ট্ৰৰ বিৰুদ্ধে অসমক জয়ৰ বাবে প্ৰয়োজন ২৮৫ ৰান

ৰঞ্জিত মালীৰ পুনৰ দুৰ্দান্ত বলিং প্ৰদৰ্শন

Assam Ranji trophy

ৰঞ্জী ট্ৰফীত অসমৰ দলটো

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অসম আৰু মহাৰাষ্ট্ৰৰ মাজত চলি থকা ৰঞ্জী ট্ৰফীৰ এলিট গ্ৰুপ-চিৰ ষষ্ঠ ৰাউণ্ডৰ এখন খেলত অসমক অন্তিম দিনত জয়ৰ বাবে প্ৰয়োজন ২৮৫ ৰানৰ।

খেলখনত মহাৰাষ্ট্ৰই প্ৰথমে বেটিং কৰি প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১৭৫ ৰান সংগ্ৰহ কৰে।

মহাৰাষ্ট্ৰৰ হৈ অংকিত বাউনে সৰ্বাধিক ৭৫ ৰান কৰাৰ বিপৰীতে অসমৰ দুই বেগী বলাৰ ৰঞ্জিত মালী আৰু অৰুপ দাসে চাৰিটাকৈ উইকেট দখল কৰে।

আনহাতে, মহাৰাষ্ট্ৰৰ প্রথম ইনিংছৰ ১৭৫ ৰানৰ প্ৰত্যুত্তৰত অসমে নিজৰ প্ৰথম ইনিংছত ২৪৪ ৰান সংগ্ৰহ কৰি প্ৰথম ইনিংছত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰে।

অসমৰ হৈ ঋষভ দাসে দৰ্শনীয় বেটিঙেৰে ৯৪ ৰান সংগ্ৰহ কৰিলেও মাত্ৰ ছয় ৰানৰ বাবে শতক বঞ্চিত হৈ এছ এছ বাসবৰ বলত অক্ষয় পালকাৰ হাতত কেচ তুলি দি পেভিলিয়ন মুখী হয়।

প্ৰথম ইনিংছত পাছ পৰি ৰোৱা মহাৰাষ্ট্ৰই নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰি অপেনাৰ জয় পাণ্ডেৰ দায়িত্বশীল শতৰাণেৰে (১৩০) ৯ টা উইকেটৰ বিনিময়ত ৩৬৫ ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে।

অসমৰ হৈ দ্বিতীয় ইনিংছতো ৰঞ্জিত মালীয়ে ৫ টা উইকেট আৰু অৰুপ দাস আৰু মুখতাৰ হুছেইনে দুটাকৈ উইকেট দখল কৰে।

অসমে তৃতীয় দিনৰ খেলৰ অন্তত কোনো উইকেট নেহেৰুৱাকৈ ১২ ৰান সংগ্ৰহ কৰিছে। দুই অপেনাৰ শুভম মণ্ডল আৰু ৰাহুল হাজৰিকা ক্ৰমে ৭ আৰু ১ ৰানত বেটিং কৰি আছে।

অসমক অন্তিম দিনা জয়ৰ বাবে ২৮৫ ৰানৰ প্ৰয়োজন। খেলখন ড্ৰ ৰূপে সামৰণি পৰিলেও অসমে প্ৰথম ইনিংছৰ অগ্ৰগতিৰ ভিত্তিত ৩ পইণ্ট লাভ কৰিব।