• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতৰ মুখ্য ন্যায়াধীশলৈ এন আৰ চি সম্পৰ্কে তৰুণ গগৈ ||সম্পূৰ্ণ পত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 6, 2019 6:11 pm
CJI Ranjan Gogoi Assam NRC: AASU files petition at SC

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ছবি।

21.6k
VIEWS
Share on FacebookShare on Twitter

তৰুণ গগৈয়ে অসমৰ সদ্যপ্ৰকাশিত এন আৰ চি সন্দৰ্ভত ভাৰতৰ মুখ্য ন্যায়াধীশলৈ এক পত্ৰ প্ৰেৰণ কৰিছে।

পঞ্জীখনে অসমৰ সকলো শ্ৰেণীৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীজনে সমগ্ৰ বিষয়টো পুনৰ মূল্যায়নেৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ হস্তক্ষেপ বিচাৰিছে।

ভাৰতীয় সংবিধানে প্ৰদান কৰা মৰ্য্যাদা, জীৱন আৰু মুক্তিৰ অধিকাৰৰ পৰা কোনো প্ৰকৃত ভাৰতীয় নাগৰিকেই যাতে বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ গগৈয়ে মুখ্য ন্যায়াধীশক আৱেদন জনাইছে।

৫ ছেপ্তেম্বৰত প্ৰেৰণ কৰা পত্ৰখনত তৰুণ গগৈয়ে মূলতঃ চাৰিটা বিষয় মুখ্য ন্যায়াধীশ গগৈৰ দৃষ্টিগোচৰ কৰিছে।

 

১. ভাৰত চৰকাৰৰ স্থিতিৰ সৈতে অসম চৰকাৰ, ৰাজ্যিক বিজেপিৰ স্থিতিৰ বৈপৰীত্য—

“আটাইতকৈ আচৰিত কথাটো হৈছে, চূড়ান্ত তালিকাখন নাকচ কৰি আৰু ইয়াৰ ত্ৰুটিসমূহ উদঙাই বিত্ত, স্বাস্থ্য আদি দপ্তৰৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু লগতে শাসক দলৰ ৰাজ্যিক সভাপতি শ্ৰী ৰঞ্জিত দাসে প্ৰকাশ কৰা ৰাজ্য চৰকাৰৰ স্থিতি ভাৰত চৰকাৰৰ স্থিতিৰ বিপৰীত। তাৰোপৰি, কেন্দ্ৰীয় চৰকাৰৰ মুখপাত্ৰ, বিদেশ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ শ্ৰী ৰাবিশ কুমাৰে বিবৃতি দিছে যে এন আৰ চি উন্নীতকৰণ সন্মানীয় উচ্চতম ন্যায়ালয় নিৰ্দেশিত বিধিসন্মত, স্বচ্ছ আৰু আইনী প্ৰক্ৰিয়া আৰু ন্যায়ালয়-পৰিদৰ্শিত অনুশীলন।”

Gogoi'sLetter_1
ভাৰতৰ মুখ্য ন্যায়াধীশলৈ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে দিয়া পত্ৰখনৰ একাংশ ।

২. অসম চৰকাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ক দোষ দিব খুজিছে—

“মোৰ যদি ভুল হোৱা নাই, ৰাজ্য চৰকাৰেও উচ্চতম ন্যায়ালয়ক দোষাৰোপ কৰাৰ চেষ্টা কৰিছে, যিহেতু তেওঁলোকে অভিযোগ উত্থাপন কৰি আছে যে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ ফলত তেওঁলোকৰ নিজৰ সীমাবদ্ধতা আছিল যিসময়ত উচ্চতম ন্যায়ালয় ৰূপায়ণকাৰী কৰ্তৃপক্ষ নাছিল, কিন্তু সঁচাটো হৈছে যে এন আৰ চিৰ ৰূপায়ণকাৰী কৰ্তৃপক্ষ আছিল ভাৰত চৰকাৰ। মোৰ দৃষ্টিত ই আন একো নহয়, বৰঞ্চ সম্পূৰ্ণৰূপে ভাৰত চৰকাৰৰ বিফলতা।”

 

৩. দায়িত্ব পালনত প্ৰতীক হাজেলাৰ অদক্ষতা—

“মই আজি পতিয়ন গৈছো যে ৰাজ্যিক সমন্বয়ক শ্ৰী প্ৰতীক হাজেলা, আই এ এছ, নেতৃত্বাধীন এন আৰ চি কৰ্তৃপক্ষই তেওঁৰ কৰ্তব্য আৰু দায়িত্ব দক্ষতাৰে আৰু কাৰ্য্যকৰীভাৱে আপোনাৰ নিৰ্দেশমতে সম্পাদন কৰা নাই যদিও ৫০,০০০ চৰকাৰী বিষয়া-কৰ্মচাৰী জৰিত কৰা হৈছিল আৰু ৰাজ্যখনৰ বিকাশমূলক কাম-কাজৰ মূল্যৰ বিনিময়ত সময় আৰু শক্তিকো ধৰি প্ৰায় ১২০০ কোটি টকা ব্যয় কৰা হৈছিল। চূড়ান্ত এন আৰ চিখনক ৰাজ্যখনৰ প্ৰায় সকলো ৰাজনৈতিক দল, সামাজিক সংগঠন, বুদ্ধিজীৱী আৰু বিভিন্ন যুৱ সংগঠনে নাকচ কৰিছে।”

 

৪. বাদ পৰা ভাৰতীয় নাগৰিকৰ অধিকাৰ আৰু হাৰাশাস্তি—

“এতিয়া প্ৰশ্ন উত্থাপিত হৈছে সেই লাখ লাখ মানুহৰ ভাগ্যক লৈ যিসকল এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিছে আৰু তেওঁলোকক বিদেশী ন্যায়াধিকৰণলৈ যাবলৈ কোৱা হৈছে নাগৰিকত্ব প্ৰমাণৰ বাবে আৰু (…সংযোজন: নিমিলা বাক্য/ আচল ইংৰাজী পাঠক অগ্ৰাধিকাৰ দিয়ক) আদালতলৈ টানি অনাৰ ফলত তেওঁলোকৰ কোনো ভুল নোহোৱাকৈ এন আৰ চি ৰূপায়ণকাৰী কৰ্তৃপক্ষৰ অনুভূতিহীনতা আৰু অদক্ষতাৰ বাবে সকলো ধৰণৰ অসুবিধা আৰু দুৰ্ভোগৰ মাজেদি যাব লাগিব।”

“এইটোও আমোদজনক যে ভাৰত চৰকাৰৰ গৃহ বিভাগে ঘোষণা কৰিছে যে বাদ পৰাসকল বিদেশী বা সন্দেহজনক বিদেশী নহয়। তেওঁলোক যিহেতু ভাৰতীয় নাগৰিক আৰু এতিয়ালৈকে বিদেশী বুলি তেওঁলোকক ঘোষণা কৰা হোৱা নাই, তেন্তে তেওঁলোক বিদেশী ন্যায়াধিকৰণলৈ যোৱা উচিতনে— ই এটা ডাঙৰ প্ৰশ্ন।”

Gogoi'sLetter_2
ভাৰতৰ মুখ্য ন্যায়াধীশলৈ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে দিয়া পত্ৰখনৰ একাংশ ।

“…২০১৯ৰ ভোটাৰ তালিকা–যাৰ ভিত্তিত অসমকে ধৰি সমগ্ৰ দেশতে লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল—প্ৰস্তুত কৰা হৈছিল ১৯৬৬ চনৰ ভোটাৰ তালিকা সংযোগকৰণেৰে য’ত তেওঁলোকক ভাৰতীয় নাগৰিকৰূপে অন্তৰ্ভুক্ত কৰা হৈছিল। যিহেতু এই তালিকা যুগুত কৰে ভাৰতৰ নিৰ্বাচন আয়োগে যি এক সাংবিধানিক সংস্থা, গতিকে এই লোকসকলক এন আৰ চিৰ পৰা কিদৰে বাদ দিব পাৰে?”

Recent News

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd