অসমৰ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ স্থিতি সন্দেহজনক বুলিছে বিজেপিয়ে।
বুধবাৰে ৰাজ্যিক কাৰ্য্যালয়ত এন আৰ চি সম্পৰ্কীয় এক বৈঠকত সিদ্ধান্ত লৈ শাসক দলটোৱে এই সন্দৰ্ভত বিবৃতি জাৰি কৰিছে।
“অসমৰ জনসাধাৰণ, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক আন্ধাৰত ৰাখি এখন ত্ৰুটীপূর্ণ, বিদেশীৰ নামযুক্ত এন আৰ চি প্রকাশৰ বাবে প্রতীক হাজেলাই এক বিশেষ শক্তিৰ নির্দেশনাত কাম কৰি থকা যেন অনুভৱ হৈছে। প্রতীক হাজেলাৰ এনে স্থিতিয়ে অসমীয়া জাতিৰ বাবে এক অশুভ ইংগিত বহন কৰিছে,” অসম বিজেপিৰ বিবৃতি।
বিজেপিৰ অসন্তুষ্টিৰ কাৰণ হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ত হাজেলাই শেহতীয়াকৈ ৰখা এক বক্তব্য।
হাজেলাই এন আৰ চিত ২৭শতাংশ লোকৰ ইতিমধ্যে পুনৰীক্ষণ কৰা বুলি শেহতীয়া শুনানিত উচ্চতম ন্যায়ালয়ক জনাইছিল।
কিন্তু বিজেপিৰ মতে, এন আৰ চিত অন্তৰ্ভুক্ত ২০শতাংশ লোকৰ পুনৰীক্ষণৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন সম্পৰ্কে শুনানি নহওঁতেই হাজেলাই এই বক্তব্য ৰখাটো সন্দেহজনক।
লগতে পঢ়ক– অসমৰ মাটি-চাকৰিত খিলঞ্জীয়াৰ সংৰক্ষণ দাবী আছুৰ
“প্রতীক হাজেলাই উচ্চতম ন্যায়ালয়ৰ কোনো নির্দেশনা নোহোৱাকৈয়ে খচৰাত সন্নিৱিষ্ট লোকৰ ২৭শতাংশ পুনৰ নিৰীক্ষণ কৰা বুলি ন্যায়ালয়ত দাখিল কৰা বক্তব্য গ্রহণযোগ্য নহয়। অসমৰ সুৰক্ষিত ভৱিষ্যতৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰে এন আৰ চিত নাম অন্তর্ভুক্ত হোৱা নাগৰিকৰ ২০শতাংশ নাগৰিকৰ নাম পুনৰ নিৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। এই আবেদন সম্পৰ্কত ন্যায়ালয়ৰ নির্দেশনা নোহোৱাকৈয়ে ২৭শতাংশৰ পুনৰ নিৰীক্ষণ কৰা বুলি প্রতীক হাজেলাই যি বক্তব্য দিছে সেয়া সত্যৰ ওপৰত প্রতিষ্ঠিত নহয়,” বিজেপিৰ প্ৰতিক্ৰিয়া।
দলটোৰ বিবৃতিত প্ৰকাশ যে, ভাৰতীয় জনতা পার্টিয়ে এখন শুদ্ধ এন আৰ চি বিচাৰে।
আগন্তুক দিনত সংশ্লিষ্ট সকলো পক্ষকে নিষ্ঠাৰে দায়িত্ব পালন কৰিবলৈও শাসক দলটোৱে আহ্বান জনাইছে।
ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত দলৰ ৰাজ্যিক বিষয়ববীয়া, মৰ্চাৰ সভাপতি আৰু মুখপাত্ৰসকল উপস্থিত আছিল।