অসমত কেতিয়া আহি উপস্থিত হ’ব অসম কন্যা লাভলীনা বৰগোহাঁই?

Lovlina Borgohain

১৩ আগষ্টৰ পূৰ্বে অসমত উপস্থিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে অসম কন্যা তথা অলিম্পিকত বক্সিং(মহিলা)ত ব্ৰঞ্জ লাভ কৰা লাভলীনা বৰগোহাঁই।

এটা দিনৰ বাবে অসমলৈ আহিব লাভলীনা। তাৰ পাছত পুনৰ পেৰিছ অলিম্পিকৰ বাবে নিজকে সাজু কৰিবলৈ বক্সিং ৰিঙত নামিব লাভলীনা।

অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে সংবাদমলযোগে জনাইছে এই কথা।

অসমত উপস্থিত হোৱাৰ পাছতে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে ৰাজ্য চৰকাৰে সম্বৰ্ধনা জনাব লাভলীনাক। তাৰ পাছতে গৃহ জিলালৈ ৰাওনা হ’ব লাভলীনা।

১০ আগষ্টত দিল্লীত উপস্থিত হ’ব লাভলীনা। দিল্লীত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰ্যালয়ে সম্বৰ্ধনা জনাব লাভলীনাক।

লক্ষ্য কোঁৱৰে লগতে কয়, “টকিঅ’ অলিম্পিকত ১২৫ বছৰীয়া ইতিহাসত ভাৰতৰ শ্ৰেষ্ঠ প্ৰদৰ্শন। সফলতাৰ মূল কাৰণ হৈছে ভাৰত চৰকাৰৰ এখন বিশেষ আঁচনি।”

“২০২০ অলিম্পিকত ভাৰতে লাভ কৰিলে ৭ টা পদক। প্ৰধানমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপৰ বাবে এয়া সম্ভৱ হৈছে। বৰ্তমানৰ ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিয়া হৈছিল।”

তেওঁ লগতে কয়, “উন্নত মানৰ প্ৰশিক্ষণ লাভ কৰিছিল এইবাৰ খেলুৱৈ সকলে। স্বাধীনোত্তৰ ভাৰতৰ ভিতৰত এয়াই প্ৰথম। নাবাৰ্ডৰ সৈতে হোৱা চুক্তিয়ে অসমৰ ক্ৰীড়া জগতক আগুৱাই লৈ যোৱাত সহায় কৰিব।”

ইপিনে, ৪০ খন আঞ্চলিক পৰ্য্যায়ৰ ষ্টেডিয়াম আৰু জিলা পৰ্য্যায়ত ১০ খন ষ্টেডিয়ামৰ পৰিকল্পনা ৰাজ্য চৰকাৰে হাতত লোৱা বুলি উল্লেখ কৰি কোঁৱৰে কয়, “গ্ৰাম্য অঞ্চলৰ প্ৰতিভা সমূহক উলিয়াই অনাৰ বিশেষ ব্যৱস্থা লোৱা হৈছে। গ্ৰাম্য অঞ্চলতো অলিম্পিক শিৱিৰ অনুষ্ঠিত কৰা হ’ব।”