অক্টোবৰৰ সময়সীমাৰ পূৰ্বে অসম চৰকাৰক বাকী থকা পিজিটি যুগ্য প্ৰাৰ্থীৰ তলিকা প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে অসমৰ স্নাতকোত্তৰ শিক্ষক (পিজিটি) প্ৰাৰ্থীসকলে। গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত সংবাদমেলত তেওঁলোকে দীৰ্ঘদিন ধৰি বিলম্ব কৰি অহা বাবে হতাশা প্ৰকাশ কৰি কয় যে প্ৰথমখন তালিকাখন ৩০ মে’ত প্ৰকাশিত হৈছিল আৰু শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে শীঘ্ৰে দ্বিতীয় আৰু তৃতীয়খন যুগ্য প্ৰাৰ্থীৰ তলিকা প্ৰকাশ হ’ব বুলি আশ্বাস দিছিল। কিন্তু প্ৰায় তিনিমাহ অতিক্ৰম কৰাৰ পিছতো তালিকা প্ৰকাশ নহোৱাত উদ্বেগ প্ৰকাশ কৰিছে প্ৰাৰ্থীসকল। প্ৰাৰ্থীসকলে জানিবলৈ দিয়ে যে প্ৰথমখন তালিকা প্ৰকাশৰ পিছতো প্ৰায় ২৩০টা পদ খালী আছে আৰু প্ৰায় ৪০০জন যোগ্য প্ৰাৰ্থী নিযুক্তিৰ পৰা বঞ্চিত কৰিছে। যিহেতু নিযুক্তি পত্ৰ প্ৰদান কৰি বাবে নিৰ্ধাৰণ কৰা ১০ অক্টোবৰৰ সময়সীমা ওচৰ চাপি অহাত, ছেপ্টেম্বৰৰ প্ৰথম পষেকতেই তালিকা প্ৰকাশ কৰিবলৈ শিক্ষা বিভাগ আৰু মুখ্যমন্ত্ৰীক তেওঁলোকে আহ্বান জনায়। মূল বিজ্ঞাপনতো একাধিক যুগ্য প্ৰাৰ্থীৰ তলিকা প্ৰকাশ হ’ব বুলি উল্লেখ কৰিছিল। ইয়াৰ উপৰিও প্ৰাৰ্থীসকলে অসমীয়া আৰু ঐচ্ছিক অসমীয়া বিষয়ৰ তালিকাত দুইটা বিষয়তে নাম অহা সমস্যাটো আঙুলিয়াই দিয়ে। একে প্ৰাৰ্থী দুয়োটা শিতানতে দেখা পোৱাৰ ঘটনাক লক্ষ্য কৰি, এই দুই বিষয়ৰ বাবে সুকীয়া মেৰিট লিষ্ট প্ৰকাশৰ দাবী জনাইছে। তেওঁলোকে কয় যে দুয়োটা বিষয়ৰ কাট-অফ একে হ’ব নোৱাৰে আৰু ন্যায়পৰায়ণতা তথা স্বচ্ছতা বজাই ৰাখিবলৈ দ্বিতীয় আৰু তৃতীয়খন যুগ্য প্ৰাৰ্থীৰ তলিকা শীঘ্ৰে প্ৰকাশ কৰাটো অত্যাৱশ্যক বুলি মত প্ৰকাশ কৰিছে।