ধিঙত ৯ এম এম পিষ্টলসহ আৰক্ষীৰ জালত কুখ্যাত অপৰাধী

Dhing

নগাঁও জিলাৰ ধিং আৰক্ষীয়ে আজি এক অভিযান চলাই অঞ্চলটোৰ এগৰাকী কুখ্যাত অপৰাধীক কৰায়ত্ত কৰা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

আটকাধীন অপৰাধী গৰাকীক ধিং আৰক্ষী থানাৰ অন্তৰ্গত ৰৌমাৰী গাঁৱৰ নিৱাসী ইজাজুল হক বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে। তেওঁৰ পৰা আৰক্ষীয়ে এটা ৯ এম এম পিষ্টল, এটা খালি মেগজিন আৰু এটা ম’বাইল হেণ্ডচেট উদ্ধাৰ কৰে।

প্ৰাপ্ত তথ্য মতে, আজি দুপৰীয়া এক গোপন সূত্ৰৰ পম খেদি নগাঁও জিলা উপ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত ধিং আৰক্ষী থানাৰ এটা দলে ৰৌমাৰীৰ ইজাজুল হকৰ ঘৰত উপস্থিত হৈ তালাচী চলাই অবৈধ মাৰণাস্ত্রসহ তেওঁক আটক কৰে।

সম্প্ৰতি অধিক তথ্যৰ বাবে ধিং আৰক্ষীয়ে ধৃত ইজাজুলক মাৰাথান জেৰা অব্যাহত ৰাখিছে।