মেঘালয়ত প্ৰৱেশ কৰি অসম আৰক্ষীয়ে কৰিছিল গুলীচালনা: অভিযোগ কনৰাড চাংমাৰ

Assam Meghalaya firing

পশ্চিম কাৰ্বি-আংলঙত আজি পুৱা সংঘটিত হোৱা গুলীবৰ্ষণৰ বাবে অসম আৰক্ষীক জগৰীয়া কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। অসম আৰক্ষী আৰু অসম বনৰক্ষীয়ে মেঘালয়ত প্রৱেশ কৰি অপ্ৰৰোচিতভাৱে গুলীচালনা কৰা বুলি কনৰাড চাংমাই অভিযোগ কৰিছে।

এক সংবাদ মেল সম্বোধন কৰি চাংমাই এই ঘটনাৰ বাবে অসম আৰক্ষীক গৰিহণা দিয়াৰ লগতে এই অমানৱীয় কাণ্ডৰ দায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে।

পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে ৰাজ্যখনৰ গৃহমন্ত্ৰী লাহকমেন ৰিম্বুই ঘটনাস্থলীত উপস্থিত হয় বুলি তেওঁ সদৰী কৰিছে। আনহাতে মৃত লোকসকলৰ বাবে ৫ লাখ টকাকৈ ক্ষতিপূৰণ ঘোষণা কৰিছে মেঘালয় চৰকাৰে।

সংবাদ মেলত মুখ্যমন্ত্ৰী কনৰাড চাংমাই লগতে কেবিনেট বৈঠকত এই কাণ্ডৰ সন্দৰ্ভত চৰকাৰে পৰৱৰ্তী পৰ্যায়ত কি ব্যৱস্থা গ্ৰহণ কৰিব সেই বিষয়ে সিদ্ধান্ত ল’ব বুলি উল্লেখ কৰে।

‘এই কাণ্ডৰ সন্দৰ্ভত মেজিষ্ট্ৰেটৰ তদন্ত আৰম্ভ কৰা হ’ব। ঘটনা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছো আৰু তেওঁ সহযোগিতাৰ আশ্বাস দিছে।’- সংবাদ মাধ্যমক অৱগত কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী চাংমাই।

তদুপৰি মেঘালয় চৰকাৰে ৰাজ্যখনৰ সাতখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে। আইন-শৃংখলাৰ পৰিস্থিতি আৰু অধিক অৱনতি ঘটাৰ সম্ভাৱনাত এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যখনৰ গৃহ বিভাগে।

ইফালে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত চলি থকা চেৰী ব্লাছম মহোৎসৱ বাতিল কৰিছে মেঘালয় চৰকাৰে। আনহাতে অসমৰ পঞ্জীয়নভুক্ত বাহনসমূহক মেঘালয়ত প্ৰৱেশত ইতিমধ্যে বাধা আৰোপ কৰিছে অসম আৰক্ষীয়ে।