ক’ৰ’না মহামাৰীৰ সময়ত অসম আৰক্ষীয়ে দক্ষতা আৰু সাহসেৰে দ্বায়িত্ব সম্পাদন কৰিছে : ডিজিপি

Photo (4)

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই অধিক নিষ্ঠা, সততা আৰু দ্বায়িত্বশীল মনোভাৱেৰে ৰাইজৰ প্ৰতি সেৱা আগবঢ়াবলৈ আৰক্ষী লোকসকলৰ প্ৰতি আহ্বান জনাইছে।

কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ পেৰেড গ্ৰাউণ্ডত আজি তিনিগৰাকী উপ-আৰক্ষী অধীক্ষক (প্ৰবেছনাৰ)ৰ দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি আৰক্ষী সঞ্চালকপ্ৰধান মহন্তই কয় যে জনসাধাৰণক বিশ্বাসত লৈ আৰক্ষীৰ লোকসকলে কৰ্তব্য সম্পাদনত অগ্ৰসৰ হোৱাৰ লগতে এখন সুস্থ-সবল সমাজ গঢ়াত প্ৰত্যেকেই আত্মনিয়োগ কৰা উচিত।

তেওঁ মন্তব্য কৰে যে আইন-শৃংখলাজনিত পৰিস্থিতি মোকাবিলাৰ লগতে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সময়তো আৰক্ষীৰ লোকসকলে অতি  দৃঢ়তাৰে ৰাইজৰ প্ৰতি সেৱা আগবঢ়াই আহিছে।

বিশেষকৈ সম্প্ৰতি ভয়াৱহ ৰূপত দেখা দিয়া ক’ৰ’না মহামাৰীৰ সময়ত আৰক্ষীৰ লোকসকলে অতি দক্ষতা আৰু সাহসেৰে নিজৰ দ্বায়িত্ব সম্পাদন কৰিছে। যাৰ বাবে আৰক্ষীয়ে ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

এয়া নিশ্চয় সমগ্ৰ আৰক্ষী বাহিনীৰ বাবে অতি গৌৰৱৰ কথা। ভাষণ প্ৰসংগত সঞ্চালক প্ৰধানগৰাকীয়ে আৰক্ষী বাহিনীটো অধিক শক্তিশালী কৰাৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়েও উল্লেখ কৰে।

সঞ্চালক প্ৰধান মহন্তই উপ-আৰক্ষী অধীক্ষক (প্ৰবেছনাৰ) ফুলকণ নাৰ্জাৰী, অনুপজ্যোতি বৰা আৰু হেমন্ত কুমাৰ বড়োৱে অংশগ্ৰহণ কৰা আনুষ্ঠানিক কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰাৰ লগতে প্ৰশিক্ষণ কালত বিষয়া কেইগৰাকীয়ে বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ বাবে তেওঁলোকক ট্ৰফী আৰু পদক প্ৰদান কৰে।

অনুষ্ঠানত অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান ক্ৰমে জি পি সিং (আইন-শৃংখলা), ডাঃ এল আৰ বিষ্ণই (চি আই ডি), হৰমিৎ সিং (প্ৰশাসন), দীপক কুমাৰ (প্ৰশিক্ষণ আৰু সশস্ত্ৰ শাখা) আৰু অনুৰাগ টাংখা (ভি এণ্ড এ চি)ৰ উপৰি আৰক্ষীৰ অন্যান্য উচ্চপদস্থ বিষয়াসকলো উপস্থিত আছিল।