অসম আৰক্ষীৰ বিশেষ হেল্পলাইন এপ ‘যাত্ৰী মিত্ৰ’-ইনষ্টল কৰিলেনে?

মুখ্য মন্ত্ৰী  সৰ্বানন্দ সোণোৱালে বুধবাৰে জনতা ভৱনৰ মুখ্য মন্ত্ৰীৰ সভাকক্ষত অসম আৰক্ষীৰ হেল্পলাইন এপ এটা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। ‘হাইৱে হেল্পলাইন-যাত্ৰী মিত্ৰ’ নামৰ এপটো এনড্ৰইড তথা আই অ’ এছ উভয় প্লেটফৰ্মতে উপলব্ধ হ’ব।

উক্ত এপটোৰ জৰিয়তে ৰাজ্যখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথ সমূহত চলাচল কৰা নাগৰিকৰ বাবে সময় সাপেক্ষ সহায় আগবঢ়োৱাৰ বাবে প্ৰস্তুত কৰা হৈছে।

যাত্ৰীসকলে এপটোৰ জৰিয়তে ভ্ৰমণকালত আশে-পাশে থকা সকলো সা-সুবিধাৰ বিষয়ে অৱগত হোৱাৰ লগতে চিকিৎসা সেৱা, গাড়ী মেৰামতি, পেট্ৰ’ল পাম্প, সমীপৰ আৰক্ষী থানা তথা অন্যান্য সা-সুবিধাৰ বিষয়ে জানিব পাৰিব।

২৫০খন আৰক্ষী থানা, ৫২৫টা মেডিকেল পইণ্ট, ৬২৮টা গাড়ী মেৰামতি কেন্দ্ৰ, ২৯৪টা পেট্ৰল পাম্প, ৭৫৬টা পাব্লিক য়ুটিলিটি কেন্দ্ৰ সামৰি ল’বলগীয়া উক্ত এপটো অসম আৰক্ষীয়ে গুৱাহাটীৰ ৰয়েল গ্ল’বেল য়ুনিভাৰচিটি আৰু আৰ্চাভিভা টেকন’লজিৰ সহযোগত তৈয়াৰ কৰি উলিয়াইছে।