কোকৰাঝাৰৰ বনাঞ্চলৰ পৰা এক বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গুলী বাৰুদ উদ্ধাৰ অসম আৰক্ষীৰ

কোকৰাঝাৰ জিলাৰ আৰক্ষীয়ে এখন বনাঞ্চলৰ পৰা এক বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী বাৰুদ উদ্ধাৰ কৰিছে।

কোকৰাঝাৰ জিলাৰ উল্টাপানী বনাঞ্চলৰ পৰা অভিযান চলাই অস্ত্ৰ-শস্ত্ৰ আৰু গুলী বাৰুদ সমূহ উদ্ধাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উদ্ধাৰ হোৱা সামগ্ৰীবোৰৰ ভিতৰত আছে এটা এম ১৬ ৰাইফল, এটা স্নাইপাৰ ৰাইফল, এটা চাৰ্লি ৰাইফল, এটা একে-৪৭ ৰাইফল আৰু তিনিটা একে-৫৬ ৰাইফল।

লগতে পঢ়ক: ৰবীন্দ্র ভৱনত কাব্যঋষি নীলমণি ফুকনক জ্ঞানপীঠ বঁটা প্ৰদান

তদুপৰি, অভিযানৰ সময়ত ১৩০ ৰাউণ্ড গুলীও উদ্ধাৰ কৰা হয়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰ আৰক্ষীক এই বৃহৎ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী বাৰুদ উদ্ধাৰৰ বাবে অভিনন্দন জনাইছে।