ভোটগণনাৰ পূৰ্বে কোকৰাঝাৰত বিশাল অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ; বেংক ডকাইতিত জড়িত যুৱকক আটক

Arms-recovered-in-Bodoland-1140x570

কোকৰাঝাৰত ৰাজ্যৰ বিশেষ ডিজিপি এল আৰ বিষ্ণইৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও।

ভোট গণনাৰ প্ৰাক্ক্ষণত কোকৰাঝাৰ আৰক্ষীয়ে জিলাখনৰে উল্টাপানী সংৰক্ষিত বনাঞ্চলৰ দীঘলীপাৰৰ ৰাইড নং ৪ আৰু ৫ ত অভিযান চলাই বিশাল অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

শনিবাৰে সন্ধিয়া এক সংবাদমেল যোগে এই কথা সদৰী কৰিছে বিটিআৰৰ বিশেষ আৰক্ষী সঞ্চালক এল আৰ বিষ্ণইয়ে ৷ উদ্ধাৰকৃত অস্ত্ৰ শস্ত্ৰৰ ভিতৰত আছে তিনিটা একে ৫৬ ৰাইফল,এটা মেগজিন আৰু ৬৫ ৰাউণ্ড সজীৱ গুলী ৷

সংবাদমেলত বিটিআৰৰ আইজিপি এল আৰ বিষ্ণুই শ্ৰীৰামপুৰত যোৱা ২৬ এপ্ৰিলত বন্ধন বেংকৰ পৰা পাঁচ লাখ টকা লুটি নিয়া অস্ত্ৰধাৰী গোটটোৰ ব্যবহৃত অস্ত্ৰ শস্ত্ৰ আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

এক গোপন সূত্ৰ অনুসৰি কোকৰাঝাৰ আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক পুনমজিৎ নাথৰ নেৰ্তৃত্বত অভিযান চলাই উক্ত অস্ত্ৰ শস্ত্ৰখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি সংবাদমেলত সদৰি কৰিছে ৷

উল্লেখ্য যে ইতিমধ্যে আৰক্ষীয়ে শুকুৰবাৰে নিশা বন্ধন বেংকত ডকাইতি কাণ্ডত জড়িত প্ৰাজীৱ শীল বসুমতাৰী(১৯)ক আটক কৰাৰ লগতে এটা ৭’৬৫ পিষ্টল আৰু বলেৰো গাড়ী এখনো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷

বন্ধন বেংকৰ ডকাইতি কাণ্ডত জড়িত আৰু বৰ্তমান পলাতক অৱস্থাত থকা সৌৰাং নাৰ্জাৰী সহ আন তিনিজনকো অচিৰে আটক কৰিব পৰা যাব বুলি সংবাদমেলত সদৰি কৰিছে ৷

সংবাদমেলত জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশান, উপ আৰক্ষী অধীক্ষক পুনমজিৎ নাথ উপস্থিত আছিল।