সোমবাৰে নিশা প্ৰায় ২ বজাত সংঘটিত হোৱা এক ভয়াবহ পথ দুৰ্ঘটনাত মৃত্যু ঘটিছে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ।
জখলাবন্ধা সৰুভগীয়াৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত জোনমণি ৰাভাই গৈ থকা মাৰুতি বাহনখনৰ এখন তীব্ৰবেগী কন্টেইনাৰৰ সৈতে ঘটনা মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ।
জোনমণি ৰাভাই AS 01 EN 7273 নম্বৰৰ নিজৰ মাৰুতি বাহনখন চলাই নিশা উজনিৰ পিনে গৈ থকাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়।
জানিব পৰা মতে, বিপৰীত দিশৰ পৰা আহি থকা তীব্ৰবেগী UP 78 UT 4518 নম্বৰৰ কণ্টেইনাৰ ট্ৰাকখনত জোনমণিৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে।
নিশাই জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। জোনমণি ৰাভাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্রেৰণ কৰা হয়।
ইপিনে, পুৱতি নিশা নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেই ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়।
আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভা নগাঁৱৰ মৰিকলং থানাৰ ভাৰপ্রাপ্ত বিষয়া হিচাপে কৰ্মৰত আছিল।