প্ৰধান মন্ত্ৰীৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ পৰা ২০ এপ্ৰিললৈকে অধিক কঠোৰ হ’ব অসম আৰক্ষী। গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ নেতৃত্বত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতে এই কথা জানিবলৈ দিয়ে।
বৈঠকত ৰাজ্যৰ আৰক্ষী-প্ৰশাসনক আগন্তক এক সপ্তাহ অধিক কঠোৰ হোৱাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। একমাত্ৰ জৰুৰীকালীন সেৱা, খাদ্য-সামগ্ৰীৰ যোগান আৰু বিভাগৰ দ্বাৰা অনুজ্ঞাপত্ৰ থকা বাহন চলাচল কৰিব পাৰিব বুলি উল্লেখ কৰে সঞ্চালক প্ৰধান মহন্তই।
তেওঁ লগতে ৰাইজক আহ্বান জনায় কয়, ‘কোনেও ব্যক্তিগত গাড়ী লৈ বাহিৰলৈ ওলাই নাহিব। অনাহকত ওলাই আহিলে বিপদত পৰিব’।
উল্লেখ্য যে যিসকল ব্যক্তি বাহিৰলৈ ওলায় যাব তেওঁলোকৰ হয়তো আইকাৰ্ড, আৰক্ষী আৰু অসম ৰাজ্যিক দুৰ্যোগ প্ৰসমন বিভাগৰ দ্বাৰা দিয়া অনুজ্ঞাপত্ৰ থকাটো জৰুৰী। অন্যথা কাকো ৰেহাই দিয়া নহ’ব বুলি কঠোৰভাৱে জনায় মহন্তই।
আনহাতে ৰেহাই দিয়া সেৱা সমূহ চলি থাকিব। কিন্তু সেইসমূহত জড়িত সকলোৱে সামাজিক দূৰত্ব মানি চলিব লাগিব বুলি উল্লেখ কৰি মহন্তই কয়, ‘সামাজিক দূৰত্ব ভংগ কৰিলে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব’।
এই বৈঠকতে আন কেতবোৰ আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি জ্যেষ্ঠ নাগৰিকৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাত মুকলি হ’ব হেল্পলাইন নম্বৰ। জ্যেষ্ঠ নাগৰিকসকল যদি কোনো সমস্যাত পৰে তেন্তে সেই হেল্পলাইন নম্বৰত ফোন কৰিলে আৰক্ষীৰ ফালৰ পৰা কৰা হ’ব সহায় কৰা হ’ব বুলি মহন্তই জানিব দিয়ে।
ইফালে ৰাজ্যিক পৰিবহন বিভাগক বিপদত পৰা ব্যক্তি সকলক সহায় কৰাৰ বাবে সীমিত সংখ্যক টেক্সি সেৱা মুকলি কৰাৰ বাবে আৰক্ষীৰ ফালৰ পৰা আহ্বান জনায়।
আজিৰ এই বৈঠকত আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।