NORTHEAST NOW (Assamese)

শাৰীৰিক প্ৰত্যাহ্বান তথা দৰিদ্ৰতাক প্ৰাচীৰ হ’ব নিদিলে পুৰণিগুদামৰ দুই ছাত্ৰীয়ে

June 7, 2020 1:16 pm · ভাৰ্গব হাজৰিকা
Updated: June 9, 2020 10:26 pm

হাজাৰ বাধাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হৈ নগাঁও জিলাৰ পুৰণিগুদামৰ দুগৰাকী মেধাৱী ছাত্ৰীয়ে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

দুয়োগৰাকী ছাত্ৰী পুৰণিগুদামৰ শংকৰদেৱ বিদ্যা নিকেতনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

পুৰণিগুদামৰ এগৰাকী চিনাকী দৰ্জী গণেশ মণ্ডলৰ জীয়ৰী হিয়া মণ্ডলে আৰ্থিক অনাতনক হেঙাৰ হ’বলৈ নিদি নিজৰ একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত কালি ঘোষণা কৰা ফলাফলত ৮৫% আহৰণ কৰি বিদ্যালয়ৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে।

নগাঁও মহাবিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্তি কৰি হিয়াই ভৱিষ্যতে নিজকে এগৰাকী চৰকাৰী বিষয়া হিচাবে গঢ় দিব খোজে বুলি জানিবলৈ দিয়ে।

আনহাতে চৰম শাৰীৰিক প্ৰত্যাহ্বানক নেওচি পুৰণিগুদামৰ তেলিয়া হয়বৰগাঁৱৰ এগৰাকী বিশেষভাবে সক্ষম ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত কেইবাটাও বিষয়ত লেটাৰ মাৰ্কসহ ৭৭% নম্বৰ লাভ কৰে।

জন্মৰে পৰা মুকবধিৰ পিতৃহীনা উপাংক্ষা শৰ্মাই অংক, সংস্কৃত আৰু অসমীয়া বিষয়ত লেটাৰ মাৰ্ক লাভ কৰে। উপাংক্ষাৰ এই সফলতাই তেওঁৰ মাতৃ অপৰ্ণা শৰ্মাৰ লগতে পৰিয়ালবৰ্গ, শিক্ষক-শিক্ষয়িত্ৰী আৰু অঞ্চলবাসীক গৌৰাম্বিত কৰি তুলিছে।

Related News