• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাৰীৰ সুৰক্ষা প্ৰদানত ব্যৰ্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত অসম একেৰাহে পঞ্চম বছৰৰ বাবে শীৰ্ষত

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 31, 2022 4:46 pm
নাৰীৰ সুৰক্ষা প্ৰদানত ব্যৰ্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত অসম একেৰাহে পঞ্চম বছৰৰ বাবে শীৰ্ষত
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিমানেই বেটী বচাও, বেটী পঢ়াও শ্লোগান আওৰাই নাথাকক কিয়, দেশত পিছে মুঠেও সুৰক্ষিত অনুভৱ কৰা নাই মহিলা -শিশুসকলে। দেশৰ আন ৰাজ্যৰ কথা বাবেই দিলো অসমতেই হ্ৰাস পোৱা নাই মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনা। হ্ৰাস পোৱাটো দূৰৰে কথা বিগত পাঁচ বছৰ ধৰি মহিলাৰ বিৰুদ্ধে সৰ্বাধিক অপৰাধ ঘটা ৰাজ্যৰ ভিতৰত অসম এইবছৰো শীৰ্ষত আছে।

শেহতীয়াকৈ প্ৰকাশ পোৱা ২০২১ চনৰ ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ তথ্য অনুসৰি অসম একেৰাহে পাঁচ বছৰৰ বাবে মহিলাৰ বিৰুদ্ধে ঘটা অপৰাধৰ ক্ষেত্ৰত শীৰ্ষত আছে। বিগত বৰ্ষত অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ আছিল ১৬৮.৩ শতামশ।যি হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ ৬৪.৫ তকৈ বেছি। মহিলাৰ বিৰুদ্ধে ঘটা অপৰাধৰ ক্ষেত্ৰত দিল্লী ১৪৭.৬ শতাংশৰ সৈতে দ্বিতীয় আৰু উৰিষ্যা ১৩৭.৮ শতাংশৰ সৈতে তৃতীয় স্থানত আছে। উল্লেখ্য ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোই প্ৰস্তুত কৰা প্ৰতিবেদনত অপৰাধৰ হাৰ প্ৰতি ১,০০,০০০ জনসংখ্যাৰ হিচাবত নিৰূপণ কৰা হয়। ২০১৭ চনত অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ আছিল ১৪৩.৩ শতাংশ; ২০১৮ চনত এই হাৰ আছিল ১৬৬, ২০১৯ চনত ১৭৭ আৰু ২০২০ চনত ১৫৪.৩ ।

২০২১ চনত অসমতমহিলাৰ বিৰুদ্ধে ঘটা অপৰাধৰ ক্ষেত্ৰত দাখিল কৰা অভিযোগনামাৰ হাৰ আছিল ৫২.৯ শতাংশ, যি হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ ৭৭.১ শতাংশতকৈও কম। এই কথাই প্ৰমাণ কৰে যে অসমত অবাধে মহিলাৰ বিৰুদ্ধে অপৰাধ ঘটি গৈছে যদিও আৰক্ষীয়ে অপৰাধীৰ ক্ষেত্ৰত যথোচিত ব্যৱস্থা গ্ৰহণত ব্যৰ্থ হৈছে। ৰাজ্যৰ গৃহ বিভাগৰো দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৰ এই প্ৰতিবেদনৰ পিছত কেনে প্ৰতিক্ৰিয়া ব্যক্ত কৰে সেয়া লক্ষ্যণীয় হ’ব বুলি বিভিন্ন মহলত আলোচনা হৈছে।

বিগত বৰ্ষত অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ২৯,০৪৬ টা টা গোচৰ পঞ্জীয়ন কৰা হৈছিল। তেতিয়াৰে পৰা আজিলৈকে গোচৰ পঞ্জীয়নৰ হাৰ ১০.২২ শতাংশলৈ বৃদ্ধি হৈছে ।২০১৯ চনত অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ গোচৰ পঞ্জীয়ন হৈছিল ৩০,০২৫ টা আৰু ২০১৮ চনত এয়া আছিল ২৭,৬৮৭ টা। ২০২০ চনত অসমত ধৰ্ষণ-তথা-হত্যাৰ লগতে দলবদ্ধ ধৰ্ষণৰ ৪৬ টা গোচৰ পঞ্জীয়ন কৰা হৈছিল । ধৰ্ষণৰ ক্ষেত্ৰত কুখ্যাতি থকা উত্তৰ প্ৰদেশতকৈ মাত্ৰ দিটা গোচৰহে কমকৈ পঞ্জীয়ন হৈছিল অসমত। সেই বৰ্ষত উত্তৰ প্ৰদেশত ধৰ্ষণৰ গোচৰ পঞ্জীয়ন হৈছিল ৪৮ টা আৰু অসমত ৪৬ টা।

অসমত ২০২০ চনত ১,৬৫৮ টা ধৰ্ষণৰ ঘটনাৰ তুলনাত যোৱা বছৰ ১,৮৩৫ টা ধৰ্ষণৰ ঘটনা পঞ্জীয়ন কৰা হৈছে৷ যোৱা বছৰ অসমত ধৰ্ষণৰ চেষ্টাৰ ঘটনা ৫৬৩ টা আৰু ৪,৫১১ টা আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। বহু বছৰ ধৰি অসমত যৌতুকজনিত মৃত্যুৰ ঘটনা কম আছিল যদিও বিগত কিছু বছৰৰ পৰা অসমত এনে ধৰণৰ অপৰাধ বৃদ্ধি পাইছে। যোৱা বছৰ সমগ্ৰ ৰাজ্যত যৌতুক সম্পৰ্কীয় ঘটনাৰ ফলত ১৯৮ গৰাকী মহিলাই কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হৈছে। ২০২০ চনত অসমত যৌতুকজনিত মৃত্যুৰ ঘটনা আছিল ১৫০ বছৰ বাগৰাৰ লগে লগে এনে ঘটনা কমক চাৰি বৃদ্ধিহে পাইছে। ২০২১ চনত মহিলাৰ ওপৰত এচিড আক্ৰমণৰ নটা ঘটনা পঞ্জীয়ন কৰা হৈছিল।

যোৱা বছৰ অসমত পঞ্জীয়ন কৰা মহিলাৰ বিৰুদ্ধে অপৰাধৰ মুঠ গোচৰৰ ভিতৰত ১২,৯৫০ টা স্বামী বা তেওঁৰ আত্মীয়ৰ দ্বাৰা মহিলাৰ ওপৰত কৰা অত্যাচাৰৰ ঘটনা আছিল। সুশাসনৰ কথা কৈ অহা হিমন্ত বিশ্ব শৰ্মাৰ অসমত ২০২১ চনত ৫,৮৬৬ টা মহিলাৰ অপহৰণৰ ঘটনা ঘটিছিল । ৰাজ্যখনত যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (পকচো) আইনৰ অধীনত১,৯৪৮ টা গোচৰ নথিভুক্ত কৰা হৈছে। এনে গোচৰ সমূহৰ ভিতৰত ১,৩১৭ টা শিশুৰ ধৰ্ষণৰ গোচৰ, ৪২৪ টা যৌন নিৰ্যাতনৰ ঘটনা আৰু ১৫৮ টা যৌন হাৰাশাস্তিৰ ঘটনা আছিল।

২০২০ চনত অসমত পকচো আইনৰ অধীনত পঞ্জীয়ন হোৱা মুঠ গোচৰৰ সংখ্যা আছিল ১,৪৯৬ টা। অসমত মহিলাসকলক উপলক্ষ্য কৰি সংঘটিত কৰা চাইবাৰ অপৰাধৰ ঘটনা আছিল ৪৩২ টা । মহিলাৰ বিৰুদ্ধে চাইবাৰ অপৰাধৰ ক্ষেত্ৰত প্ৰথম স্থানত থকা ওৰিশাৰ পিছত অসম এইক্ষেত্ৰত দেশৰ দ্বিতীয় ৰাজ্য হিচাবে পৰিগণিত হৈছে।২০২১ চনত ওৰিশাত মহিলাৰ বিৰুদ্ধে চাইবাৰ অপৰাধৰ ঘটনা ঘটিছিল ৫৬৫ টা আৰু অসমত এই সংখ্যা আছিল ৪৩২ টা।

শিক্ষা ব্যৱস্থাকে ধৰি আন বহু বিষয়ত আন ৰাজ্যক সমালোচনা কৰিবলৈ গৈ টুলুঙা মন্তব্য কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱাৰ বিষয়ত কেনে প্ৰতিক্ৰিয়া কৰিব বাৰু? গৃহ বিভাগৰ দায়িত্বত থকাৰ পিছতো মুখ্যমন্ত্ৰীয়ে আৰক্ষী বিভাগক কিয় মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰি অহাসকলৰ বিৰুদ্ধে সঠিক সময়ত অভিযোগ নামা দাখিল কৰিব পৰা নাই বুলি প্ৰশ্ন কৰিব পৰা নাই। অসমক দেশৰ ১০ খন উন্নত ৰাজ্যৰ এখন কৰি তোলা হ’ব বুলি সততে কৈ অহা হিমন্ত বিশ্ব শৰ্মাই কোনটো বিষয়ত অসমক শীৰ্ষত ৰাখিব বিচাৰিছে? মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত অসমক শীৰ্ষত ৰাখিয়েই মুখ্যমন্ত্ৰীয়ে আত্মসন্তুষ্টি লভিব বিচাৰিছে নেকি?এনেবোৰ প্ৰশ্নই এতিয়া বাগৰি ফুৰিছে সচেতন জনতাৰ মুখে মুখে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

August 28, 2025 7:50 am
সৰ্বাধিক বিক্ৰী হোৱা হুইস্কীৰ ব্ৰেণ্ডসমূহ কি কি জানো আহক

সৰ্বাধিক বিক্ৰী হোৱা হুইস্কীৰ ব্ৰেণ্ডসমূহ কি কি জানো আহক

August 28, 2025 6:30 am
এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

August 28, 2025 7:50 am
সৰ্বাধিক বিক্ৰী হোৱা হুইস্কীৰ ব্ৰেণ্ডসমূহ কি কি জানো আহক

সৰ্বাধিক বিক্ৰী হোৱা হুইস্কীৰ ব্ৰেণ্ডসমূহ কি কি জানো আহক

August 28, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd