তিনি বছৰত অসমত পঞ্জীয়ন হৈছে ৬,০০০ টা ধৰ্ষণৰ গোচৰ

Story-7-1140x570

প্ৰতিনিধিত্বমূলক ফটো

বিগত চাৰে তিনি বছৰত অসমত ৬,৫০০টাতকৈয়ো অধিক ধৰ্ষণৰ গোচৰ পঞ্জীয়ন হৈছে।

ৰাজ্যখনৰ সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে এই তথ্য সদৰী কৰিছে।

মন্ত্ৰী গৰাকীয়ে শনিবাৰে অসম বিধানসভাত অসম গণ পৰিষদৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰী কৰে।

‘’গোটেই অসমতে ২০১৬ চনৰ এপ্ৰিলৰ পৰা ২০১৯ চনৰ অক্টোবৰৰ ভিতৰত মুঠ ৬,৫২৮টা ধৰ্ষণৰ গোচৰ পঞ্জীয়ন হৈছে,’’-সদনত উত্তৰত দি পাটোৱাৰীয়ে এইদৰে কয়।

পাটোৱাৰীয়ে লগতে জানিবলৈ দিয়ে যে উক্ত সময়ছোৱাৰ ভিতৰত গুৱাহাটী মহানগৰীত ২৪৮টা ধৰ্ষণৰ গোচৰ পঞ্জীয়ন কৰা হৈছে।

সম্প্ৰতি গোটেই দেশতে নাৰীজনিত অপৰাধ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ এই পৰিসংখ্যা যথেষ্ট উদ্বেগজনক হিচাপে বিবেচিত হৈছে।

তদুপৰি, ধৰ্ষণৰ ঘটনাৰ উপৰিও ৰাজ্যখনত ডাইনীৰ নামত হত্যাকে ধৰি নাৰীৰ বিৰুদ্ধে অপৰাধজনিত ঘটনাৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

মন্ত্ৰী পাটোৱাৰীয়ে শনিবাৰে সদনত জানিবলৈ দিয়ে যে ২০১১চনৰ পৰা অসমত ডাইনীৰ নামত সংঘটিত ঘটনাত মুঠ ১০৭ গৰাকী লোকৰ মৃত্যু হৈছে।