• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাৱধান! ২৪ ঘণ্টাত গুৱাহাটীৰ ৫০২ গৰাকী ক’ৰ’নাত আক্ৰান্ত; ৰাজ্যত নতুনকৈ ১৪০ গৰাকী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 1, 2020 1:07 pm
Wuhan-coronavirus-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে ৰাজ্যত নতুনকৈ ১৪০ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হয়। আক্ৰান্ত সকলৰ ভিতৰত ১২২ গৰাকী গুৱাহাটীৰ বুলি জানিব পৰা যায়।

গুৱাহাটীত ২৪ ঘণ্টাৰ ভিতৰত ৫০২ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

ইয়াৰে কালি নিশা ১২ বজাত গুৱাহাটীৰ ৩৮০ গৰাকী আক্ৰান্ত হোৱা বুলি মন্ত্ৰী হিমন্তই জনোৱাৰ লগতে এই মুহূৰ্তত ১২২ গৰাকী লোকৰ ক’ভিড-১৯ পজিটিভ অহা বুলি টুইটাৰযোগে জনায়।

ৰাজ্যত ৮৫৪৭ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্তৰ সংখ্যা।

অসমত ৫৬৪৭ জন ব্যক্তি এইপৰ্য্যন্ত আৰোগ্য হৈ উঠিছে। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৮৮৫ জন।

অসমত ক’ভিড-১৯ৰ ফলত এতিয়ালৈকে ১২ গৰাকী লোকৰ মৃত্যু ঘটিছে।

এই কথা টুইটাৰযোগে জনাইছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

কালিৰ দিনটোত মুঠ ৬১৩ গৰাকী লোক ক’ভিড-১৯ ত আক্ৰান্ত হৈছিল।

গুৱাহাটীত ভয়ংকৰ ৰূপত গণ সংক্ৰমণ হোৱাৰ ফলত যোৱা ১৫ জুনৰ পৰা এতিয়ালৈকে প্ৰায় ১৮০০ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

কালি দিনৰ ভাগত ৪১ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল। ইয়াৰে শোণিতপুৰ জিলাৰ ১৮ গৰাকী, যোৰহাটৰ ৬ গৰাকী, কামৰূপ মেট্ৰোৰ ৫ গৰাকী, তিনিগৰাকী লখিমপুৰ, নগাঁৱৰ তিনিগৰাকী, বৰপেটাৰ তিনিগৰাকী, দুগৰাকী কাৰ্বিআংলঙৰ আৰু এগৰাকী ধেমাজিৰ আছিল।

সোমবাৰৰ দিনটোত একেলগে ৩০২ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল। ইয়াৰে ২৪ ঘণ্টাৰ ভিতৰত কেৱল গুৱাহাটীত ১৭২ গৰাকী আক্ৰান্ত হৈছিল।

গুৱাহাটীক বাদ কৰি কোন কোন ঠাইৰ কিমানগৰাকী আক্ৰান্ত হৈছে সেয়া উল্লেখ কৰা নাছিল স্বাস্থ্য মন্ত্ৰীয়ে।

যোৱা ২৭ জুনত ৩৪৭ গৰাকীৰ দেহত এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ হৈছিল। ইয়াৰে ১৯৫ গৰাকী গুৱাহাটীৰ আছিল।

ইপিনে আজি MMCH ত টেষ্টিং লেব এটা উন্মোচন কৰিবলৈ গৈ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “মোক নিশা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ফোন কৰিছিল, ভাৰত চৰকাৰৰ পৰ্যালোচনাত গুৱাহাটীৰ ক’ভিড পৰিস্থিতি অৱনতি ঘটাৰ আশংকা কৰিছে’।

তেওঁ লগতে কয়, ‍‘যোৱা ৪-৫ দিনত যিদৰে ক’ভিড ৰোগী চিনাক্ত হৈছে সেয়া দিল্লী-মুম্বাইৰ পেটাৰ্নত আগবঢ়াৰ ইংগিত বুলি ICMR ত পাইছে। গতিকে মোক গুৱাহাটীৰ পৰীক্ষা পদ্ধতি কিছু সলনি কৰিবলৈ পৰামৰ্শ দিছে’।

মন্ত্ৰী হিমন্তৰে হোৱা টেলিফোনিক বাৰ্তালাপত গুৱাহাটীৰ লোকক অত্যন্ত সাৱধানতা অৱলম্বন কৰি থাকিবলৈ পৰামৰ্শ অমিত শ্বাহৰ।

উল্লেখযোগ্য যে, গুৱাহাটী মহানগৰীত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে সামাজিক (গণ) সংক্ৰমণ। যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ পৰা ১৪ দিনৰ বাবে সমগ্ৰ কামৰূপ মেট্ৰোত দিয়া হৈছে লকডাউন।

ইয়াৰ উপৰি, ৰাজ্যৰ অন্য টাউন এলেকাত প্ৰত্যেক সপ্তাহৰ শনিবাৰ দেওবাৰে ঘোষণা কৰা হৈছে লকডাউন।

লগতে সমগ্ৰ ৰাজ্যত সন্ধ্যা ৭ বজাৰ পৰা পুৱা ৭ বজালৈকে জাৰি কৰা হৈছে সান্ধ্য আইন।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd