ফেঁটী সাপৰ (কোব্ৰা) দৰে অতি বিষাক্ত সাপে যিকোনো ব্যক্তিক এটা দংশনেৰে নিশেষ কৰি দিব পাৰে। কিন্তু জীৱিত অৱস্থাতেই নহয়, মৃত অৱস্থাতো ইহঁতে মানুহৰ শৰীৰত বিষ সুমুৱাব পাৰে। এইবাৰ অধ্যয়নত পোহৰলৈ আহিছে এনে তথ্য।
অসমৰ গৱেষকৰ গৱেষণা পত্ৰ এখন প্ৰকাশ পাইছে Frontiers in Tropical Diseases নামৰ আলোচনীখনত। ইয়াত অসমৰ গ্ৰাম্য অঞ্চলৰ এনে কেইবাটাও ঘটনাৰ ওপৰত আলোকপাত কৰা হৈছে। কোৱা হৈছে যে মাৰি পেলোৱাৰ পিছতো সাপৰ দংশনৰ বলি হয় কেইবাজনো লোক।
মৰণোত্তৰ দংশনত মানুহৰ প্ৰাণ কাঢ়ি নিয়া এনে উদাহৰণ এতিয়ালৈকে বিদেশত পোৱা গৈছিল। ৰেটল স্নেক আৰু ভাইপাৰৰ দৰে বিষাক্ত সাপ মৰি যোৱাৰ পিছতো তাৰ বিষৰ ফলত তাত মানুহৰ মৃত্যু হৈছে। কিন্তু এতিয়া অসমতে বিজ্ঞানীসকলে স্থানীয় সাপত এনে শক্তিৰ প্ৰমাণ পাইছে।
গৱেষকসকলে বিশেষভাৱে দুটা সাপৰ উল্লেখ কৰিছে, ১) চকৰিফেঁটী ২) ক’লী-ফেঁটী। তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰবিন দলেই কয়, “প্ৰতিটো ক্ষেত্ৰতে দেখা গৈছে যে মাৰি পেলোৱাৰ পিছতো এই দুবিধ সাপৰ বিষাক্ত দাঁত সক্ৰিয় হৈ থাকে, যাৰ জৰিয়তে ইহঁতে বিষ ঢালি দিব পাৰে। এনে সাপৰ ক্ষেত্ৰত এয়াই প্ৰথম এনে তথ্য পোৱা গৈছে।”
বিজ্ঞানীসকলে কেইবাটাও ঘটনাৰ কথা উল্লেখ কৰিছে। শিৱসাগৰত এটা চকৰিফেঁটীক কোবাই মাৰি পেলোৱা হৈছিল। এজন ব্যক্তিয়ে তাৰ মূৰটো থেতেলিয়াই পেলাইছিল। সেই মূৰটো তুলিবলৈ চেষ্টা কৰোতে সাপটোৱে মানুহজনৰ বুঢ়া আঙুলিত বিষ সুমুৱাই দিয়ে। মানুহজনৰ জীৱন ৰক্ষা পৰিল যদিও তেওঁক ২০ ভয়েল এন্টিভেনম দিব লগা হয় । তেওঁ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল।
শিৱসাগৰতেই ট্ৰেক্টৰৰ তলত চেপা খাই ফলত মৃত্যু হয় এটা ফেঁটী সাপৰ। চাবলৈ যোৱাৰ সময়ত কৃষকৰ ভৰিত বিষ সোমাই গ’ল। যদিও সাপটোৰ মৃত্যু হৈছিল, তথাপিও ইয়াৰ বিষাক্ত দাঁতত ভৰি দিয়াৰ পিছত কৃষকজনৰ ভৰিৰ কলাবোৰ নিৰ্জীৱ হৈ পৰিছিল। দীৰ্ঘদিন ধৰি চিকিৎসা গ্ৰহণ কৰিব লগা হয়।
কামৰূপত এজন গাঁৱৰ মানুহে কৌতুহলৰ বাবে এটা মৰা ক’লী-ফেঁটী লৈ আনিলে। কেইঘণ্টামানৰ পিছত তেওঁ পক্ষাঘাতগ্ৰস্ত হৈ পৰিল। তেওঁক ভেন্টিলেটৰত ৰাখিব লগা হ’ল। অৱশ্যে পিছত তেওঁ বাচি যায়।
গৱেষকসকলে মৃত সাপৰ দংশনক ‘ৰিফ্লেক্স বাইট’ বুলি অভিহিত কৰিছে। তেওঁলোকে দাবী কৰে যে সাপে মৃত্যুৰ পিছতো বিষ ঢালি দিব পাৰে। ইয়াৰ কাৰণ ব্যাখ্যা কৰি কোৱা হৈছে যে মৃত্যুৰ পিছতো কিছুদিনলৈ সাপৰ স্নায়ুতন্ত্ৰ সক্ৰিয় হৈ থাকে। ফলত ই অনিচ্ছাকৃতভাৱে গতি অব্যাহত থাকে। ফলত শৰীৰত বিষ সুমুৱাই দিব পাৰে।
ডিমৌ ৰুৰেল কমিউনিটি হেল্থ চেণ্টাৰৰ এনাস্থেচিয়া বিশেষজ্ঞ তথা অধ্যয়নৰ মূল গৱেষক সুৰজিৎ গিৰীয়ে কয় যে এই আৱিষ্কাৰ কেৱল বিজ্ঞান জগতৰ বাবেই এক মাইলৰ খুঁটি নহয়, ইয়াত অসমৰ গ্ৰাম্য অঞ্চলৰ ধৈৰ্য্য-সহ্যৰ প্ৰমাণ পোৱা যায়। তেওঁলোকে অন্ধবিশ্বাসৰ পৰা আংতৰি আহি বিজ্ঞানক বিশ্বাস কৰিছে। বেজী লবলৈ ভয় কৰা নাই। ফলত এই গৱেষণা সম্ভৱ হৈছে। তেওঁ লগতে যিসকল ৰোগীৰ ওপৰত এই গৱেষণা কৰা হৈছিল তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে। সুৰজিত ‘সৰ্প চিকিৎসক’ হিচাপেই অসমত জনপ্ৰিয়।