Nagaland Firing Incident: উত্তপ্ত নাগালেণ্ড! মন জিলাত উত্তেজিত জনতাৰ আক্ৰমণত নিহত সেনা জোৱান, আন ৬জোৱান আহত

Nagaland mon incident

Nagaland Firing Incident শনিবাৰে সন্ধিয়া ভাৰতীয় সেনাৰ নিৰ্বিচাৰ গুলীচালনাৰ ঘটনাত ১২জনকৈ গাঁওবাসী নিহত হোৱা ঘটনাৰ প্ৰতিক্ৰিয়াত উত্তপ্ত হৈ পৰিছে নাগালেণ্ড।

শেহতীয়া খৱৰ অনুসৰি, নাগালেণ্ডৰ মন জিলাত একাংশ উত্তেজিত লোকৰ আক্ৰমণত নিহত হৈছে আসাম ৰাইফলছৰ এজন জোৱান।

নিহত জোৱানজনক উত্তৰাখণ্ডৰ গৌতম লাল বুলি চিনাক্ত কৰা হৈছে।

এই আক্ৰমণৰ ফলত আন ৬জন সেনা জোৱান আহত হোৱা বুলিও জানিব পৰা গৈছে।

Also Read: Northeast Now Exclusive: চৰকাৰৰ এটা ভুল নীতিৰ মাৰাত্মক ফল ভুগিব নেকি আৰক্ষীৰ লগতে মহানগৰবাসীয়ে?

উল্লেখ্য যে শনিবাৰে সন্ধিয়া নাগালেণ্ডৰ মন জিলাৰ অ’টিং গাঁৱৰ একাংশ গাঁৱবাসীয়ে দৈনিন্দিন কামকাজ সামৰি টিৰু গাঁৱৰ পৰা এখন পিক আপ বাহনত অ’টিঙলৈ উভতি অহাৰ সময়ত বিদ্ৰোহী বুলি সন্দেহ কৰি সেনাই ধাৰাসাৰ গুলীবৰ্ষণ কৰে।

সেনাৰ নিৰ্বিচাৰ গুলীবৰ্ষণৰ ফলত বাহনখনত থকা ১২জনকৈ লোক থিতাতে নিহত হয়। ঘটনাৰ পাছতে উত্তেজিত ৰাইজে ৩খনকৈ বাহন জ্বলাই দিয়ে।

Also Read: নাগালেণ্ডৰ মন জিলাত ভয়ংকৰ গুলীচালনাৰ ঘটনা; কমেও ৬জন নিহত, ২জন আহত

বৰ্তমান মন জিলাত অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সাধাৰণ জনতা উত্তেজিত হৈ পৰিছে। ক’হিমাৰ কিছামাত হৰ্নবিল উৎসৱ চলি থকাৰ মাজতে এনে নৃশংস ঘটনাত জাঙুৰ খাই উঠিছে ৰাজ্যখনৰ নগা জাতীয় সংগঠনসমূহ।