পশ্চিম বংগত কৰ্তব্যৰত সতীৰ্থক গুলীয়াই হত্যা অসম ৰাইফলছৰ জোৱানৰ

Manipur-bus-

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

পশ্চিম বংগৰ হাওৰা জিলাত নিৰ্বাচনৰ দায়িত্বত থকা কৰ্তব্যৰত এজন অসম ৰাইফলছৰ জোৱানে নিজৰ ৰাইফলেৰে গুলীচালনা কৰি এজন সতীৰ্থ জোৱানক হত্যা আৰু দুজনক আঘাতপ্ৰাপ্ত কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্যৰ খবৰ অনুসৰি, বৃহস্পতিবাৰে নিৰ্বাচনৰ দায়িত্বত নিয়োজিত থকা লক্ষীকান্ত বৰ্মন নামৰ অসম ৰাইফলছৰ জোৱানগৰাকীয়ে তেওঁৰ স্বয়ংক্ৰিয় আই এন এচ এ এচ (Automatic INSAS) ৰাইফলেৰে ১৩ জাঁই গুলী ফুটাই। বৰ্মনৰ গুলীত এচ আই ভোলানাথ দাসৰ ঘটনাস্থলীতে মৃত্যু হয়।

পশ্চিমবংগ আৰক্ষী সঞ্চালক প্ৰধান সিদ্ধিনাথ গুপ্তাই জনোৱা অনুসৰি অসম ৰাইফলছৰ জোৱানগৰাকীয়ে অতৰ্কিতে জধে-মধে গুলীচালনা কৰিবলৈ লয়। বৰ্মনৰ ঘৰ নলবাৰী জিলাত। জোৱানগৰাকীক আটক কৰি তেওঁৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে।

আনহাতে, ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও পোহৰলৈ অহা নাই। আঘাতপ্ৰাপ্ত জোৱান দুগৰাকী হ’ল অনিল ৰাজবংশী আৰু ৰান্তিমনি।

উল্লেখযোগ্য যে, পশ্চিমবংগত ৬ মে’ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্য্যায়ৰ ভোটগ্ৰহণৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হৈ আছিল সপ্তম অসম ৰাইফলছৰ জোৱানকেইজন।

ঘৰলৈ যাবৰ বাবে ছুটী নিদিয়াৰ কাৰণেই জোৱানজনে এনে ঘটনা সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে যদিও অসম ৰাইফলছৰ তৰফৰ পৰা কোনোধৰণৰ কাৰণ এতিয়ালৈ ৰাজহুৱা কৰা নাই।