অবৈধভাৱে সৰবৰাহ কৰা পণ্য সামগ্ৰীসহ দুজন লোকক আটক আছাম ৰাইফলছৰ

Assam_Rifles_seizes_Contraband_Items__3_(1)

ফ'টো- নৰ্থ ইষ্ট নাও

মণিপুৰলৈ অবৈধভাৱে সৰবৰাহ কৰা বৃহৎ পৰিমাণৰ পণ্য সামগ্ৰী জব্দ কৰাৰ লগতে দুজন লোককো আটক কৰিছে আছাম ৰাইফলছে।

উত্তৰ পূৱৰ ৰাজ্যখনলৈ অবৈধভাৱে সৰবৰাহ কৰা চিগাৰেট, তামোল-পাণসহ প্ৰায় ১৪ লাখ টকাৰ মূল্যৰ অন্যান্য পণ্য সামগ্ৰী কঢ়িয়াই অনা দুখন বাহনো জব্দ কৰিছে আছাম  ৰাইফলছৰ এটা দলে।

আছাম ৰাইফলছৰ সূত্ৰৰ অনুসৰি যোৱা ১৪ আগষ্টত মণিপুৰৰ থৌবাল অঞ্চলৰ থৌবাল-হংবি পথত স্থাপন কৰা আছাম ৰাইফলছৰ ভ্ৰাম্যমান চেক পোষ্টত তালাচী চলোৱাৰ সময়ত উক্ত সামগ্ৰী কঢ়িয়াই অনা বাহন দুখন জব্দ কৰাৰ লগতে চালক দুজনক আটক কৰা হয়।

“দলটোৱে বগা ৰঙৰ দুখন মাৰুটি জিপচিত এই অবৈধ পণ্য সামগ্ৰীসমূহ কঢ়িয়াই আনিছিল।” দেওবাৰে প্ৰকাশ কৰা আছাম ৰাইফলছৰ এক প্ৰেছ বিজ্ঞপ্তিত এইদৰে কোৱা হৈছে।

দলটোৱে উক্ত বাহন দুখনত ১৪,০০০ পাকেট উইন চিগাৰেট, ১০০ কিলোগ্ৰাম তামোল, মহ খেদোৱা কয়লৰ পাঁচটা বাকচ আৰু চাৰিটা টীন ফীচৰ বাকচৰ লগতে কিছু অন্যান্য অবৈধ পণ্য সামগ্ৰী বোজাই কৰি আনিছিল।

উক্ত অবৈধ পণ্য সামগ্ৰীসহ বাহন দুখনৰ সৈতে আছাম ৰাইফলছৰ তালাচী চলোৱা দলটোৱে আটক কৰা লোক দুজন ইম্ফলৰ খুৰাই অঞ্চলৰ ঋষিকান্ত আৰু চালাম্বা বুলি চিনাক্ত কৰা হৈছে।

জব্দকৃত সামগ্ৰীসমূহৰ লগতে আটক কৰা লোক দুজনক আইনী ব্যৱস্থা গ্ৰহণৰ বাবে শুল্ক বিভাগক চমজাই দিছে আছাম ৰাইফলছে।