মণিপুৰত ৫ কোটি ৭৮ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ, আটক এজন লোক

Drug peddler

ফটো : নৰ্থ-ইষ্ট নাও

মণিপুৰৰ ইম্ফল-ম’ৰে ৰাষ্ট্ৰীয় ঘাইপথৰ খুডেংথাবি তালাচী চকীত আছাম ৰাইফলছৰ টেংনৌপাল বেটেলিয়নৰ এটা দলে বৃহৎ পৰিমাণৰ নিচাজাতীয় ডব্লিউ ৱাই (WY) টেবলেট আৰু ৭৩২ গ্ৰাম ব্ৰাউন ছুগাৰৰ সৈতে এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

জব্দকৃত ব্ৰাউন ছুগাৰ আৰু টেবলেটখিনিৰ মূ্ল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ৫ কোটি ৭৮ লাখ হ’ব বুলি জানিব পৰা গৈছে। এই সকলো কথা আছাম ৰাইফলছ (দক্ষিণ)ৰ জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰে।

ঘটনা সন্দৰ্ভত অভিযানকাৰী দলটোৱে জানিবলৈ দি কয় যে এখন ৰূপোৱালি ৰঙৰ মাৰুতি ওমনি ভানেৰে (MN04A 8994) বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ম’ৰেৰ পৰা ইম্ফললৈ কঢ়িয়াই লৈ যাব বুলি এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা তথ্য লাভ কৰিছিলো। আৰু সেই তথ্যৰ ভিত্তিতে গাড়ীখনৰ লগতে সকলো সামগ্ৰী জব্দ কৰা হয়।

তালাচীৰ সময়ত আছাম ৰাইফলছৰ দলটোৱে ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ গাড়ীৰ পৰা মুঠ ৭৩২ গ্ৰাম ব্ৰাউন ছুগাৰ আৰু ১ লাখ ৪৪ হেজাৰটা নিচাজাতীয় টেবলেট জব্দ কৰে। ৰাইফলছৰ দলটোৱে জানিবলৈ দি কয় যে ধৃত সৰবৰাহকাৰীজনে অতি চতুৰালী তথা কৌশলীভাৱে সামগ্ৰীখিনি সৰবৰাহ কৰাৰ পৰিকল্পনা ৰচিছিল।

ইফালে এই নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ লগত জড়িত থকা নুৰ খান (৩১) নামৰ যুৱকজনক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন নুৰৰ ঘৰ থৌবাল জিলাৰ অন্তৰ্গত উৰুপ এৱাং লেইকি, লিলঙত বুলি আছাম ৰাইফলছৰ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়ে।

পাছত আছাম ৰাইফলছৰ দলটোৱে জব্দকৃত সামগ্ৰীসহ ড্ৰাগছ সৰবৰাহকাৰীজনক ডিৰেক্টৰেট অব ৰেভিনিউ ইন্টেলিজেন্সক গতাই দিয়ে আৰু বৰ্তমান তদন্ত অব্যাহত ৰখা বুলি জনায়।