NORTHEAST NOW (Assamese)

১ অক্টোবৰৰ পৰা ৰাজ্যত হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ বিশেষ পৰীক্ষা

September 16, 2021 11:19 am · এন ই নাও নিউজ
Updated: September 16, 2021 2:51 pm

SEBA Exam, ২০২০-২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলত সন্তুষ্টি লাভ নকৰা ছাত্ৰ-ছাত্ৰীৰ বাবে অহা ১ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব বিশেষ পৰীক্ষা – আজি এই কথা সদৰী কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

আজি ছেবাই ঘোষণা কৰা পৰীক্ষাৰ সময়সূচী মতে অক্টোবৰৰ ১ তাৰিখৰ পৰা ১১ অক্টোবৰলৈ ৰাজ্যত হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ বিশেষ পৰীক্ষা অনুষ্ঠিত হ’ব।

উল্লেখ্য যে,ক’ভিদ মহামাৰীৰ দোহাই দি এইবছৰ অসম চৰকাৰে ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা বাতিলৰ নিৰ্দেশ দিছিল আৰু বিকল্প  মূল্যাঙ্কণ পদ্ধতিৰ আধাৰত যোৱা ৩০ জুলাইত ফলাফল ঘোষণা কৰা হৈছিল।

Latest News : বঙাইগাঁৱত ড্ৰাগছসহ এজনক আটক

স্মৰ্তব্য যে, উক্ত ফলাফলত যিসকল ছাত্ৰ-ছাত্ৰী সন্তুষ্ট হোৱা নাছিল তেওঁলোকৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি ছেবাই ঘোষণা কৰিছিল।এই বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা ছাত্ৰ-ছাত্ৰীৰ বাবে অনলাইন আবেদনৰ সুবিধাৰ্থে ছেবাই এক অনলাইন পৰ্টেল মুকলি কৰিছিল। ইতিমধ্যে এই পৰ্টেলটোৰ মাধ্যমেৰে ২২,৮০৯ খন আবেদন লাভ কৰিছে বুলি ছেবাই জানিবলৈ দিয়ে।

Related News