কাৰ কাৰ উদয় হ’ল ভাগ্য? কেনেকৈ চাব তৃতীয় বৰ্গৰ চাকৰিৰ ফলাফল?‎

অসমৰ চতুৰ্থ আৰু তৃতীয় শ্ৰেণীৰ পদৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে ইতিমধ্যে অসম প্ৰত্যক্ষ নিযুক্তি – লিখিত পৰীক্ষা, সাক্ষাৎকাৰ আৰু দক্ষতা পৰীক্ষাৰ সকলো পৰ্যায় সম্পূৰ্ণ কৰিছে।

চতুৰ্থ আৰু তৃতীয় শ্ৰেণীৰ পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তিৰ লিখিত পৰীক্ষা ২০২২ চনৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত হৈছিল। আনহাতে সাক্ষাৎকাৰ আৰু দক্ষতা পৰীক্ষা ২০২২ চনৰ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছিল।

উল্লেখ্য যে এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে মুঠ ২৫৮০৭ টা তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ খালী পদ চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত নিযুক্তি দিয়া হব।

অসম প্ৰত্যক্ষ নিযুক্তিৰ বাবে অনলাইন আবেদন দাখিল কৰি লিখিত পৰীক্ষা, সাক্ষাৎকাৰ আৰু দক্ষতা পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে আজি নিজৰ ফলাফল লাভ কৰিব।

তলত দিয়া লিংক কেইটাৰ জৰিয়তে প্ৰাৰ্থীসকলে ফলাফল চাবলৈ সক্ষম হ’ব –

লিংক ১

লিংক ২

লিংক ৩