কেঁচা চাহপাতৰ দাম অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ বাবে তীব্ৰ দুৰ্দশাৰ সন্মুখীন হৈছে অসমৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ নকৰিলে ৮ ছেপ্টেম্বৰৰ পৰা ৰাজপথলৈ ওলাই আহিব বুলি সকীয়াই দিছে উজনি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই।
ক্ষুদ্ৰ চাহ খেতি সমগ্ৰ অসমৰ লাখ লাখ পৰিয়ালৰ বাবে এক অতি প্ৰয়োজনীয় জীৱিকা। কিন্তু চাহৰ দামক লৈ চৰকাৰী নিয়ন্ত্ৰণৰ অভাৱৰ বাবে ভয়ানক লোকচানৰ মুখামুখি হৈছে চাহ খেতিয়কসকল। কেঁচাপাতৰ দাম কমি অহাৰ বাবে উৎপাদনৰ খৰচো উলিয়াব পৰা নাই খেতিয়কসকলে।
ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মতে, বাৰে বাৰে আবেদন জনোৱাৰ পিছতো অসম চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাই। যদিহে ততাতৈয়াকৈ সংশোধনী ব্যৱস্থা ৰূপায়ণ নকৰে তেন্তে হাজাৰ হাজাৰ খেতিয়কে ৰাজপথলৈ সমদল উলিয়াবলৈ সিদ্ধান্ত লৈছে।
যদি এসপ্তাহৰ ভিতৰত পৰিস্থিতিৰ উন্নতি নহয়, তেন্তে ৮ ছেপ্টেম্বৰৰ পৰা আন্দোলন কৰাৰ সিদ্ধান্ত লৈছে খেতিয়ক সকলে।