প্ৰতিবাদী কাৰ্য্যসূচীত শিশু সকলক ব্যৱহাৰ কৰিব নোৱাৰিব; গোলাঘাটৰ উপায়ুক্তলৈ অসম ৰাজ্যিক শিশুৰ অধিকাৰ সুৰক্ষা আয়োগৰ পত্ৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সমুখত বিগত ৭ জুনত অনুষ্ঠিত এটা প্ৰতিবাদী কাৰ্য্যসূচীত কণ কণ শিশুক ব্যৱহাৰ কৰা প্ৰসংগক লৈ গোলাঘাট জিলা উপায়ুক্তলৈ এক পত্ৰ প্ৰেৰণ কৰিছে অসম ৰাজ্যিক শিশুৰ অধিকাৰ সুৰক্ষা আয়োগে ৷

আয়োগৰ অধ্যক্ষ ড০ সুনিতা চাংকাকতিয়ে প্ৰেৰণ কৰা এই পত্ৰত ৬ জুনৰ বিয়লিৰ পৰা নিশালৈকে অগৰাতলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সমুখত হোৱা প্ৰতিবাদী কাৰ্যসূচীত কণ কণ শিশুক ব্যৱহাৰ কৰা হৈছিল বুলি উল্লেখ কৰিছে ৷

কভিড-১৯ ৰ সংক্ৰমণৰ ভয়াবহতাৰ মাজত এই শিশু সকলক মুখত মাস্ক নিপিন্ধাকৈ প্ৰতিবাদী কাৰ্যসূচীত ব্যৱহাৰ কৰা বুলি কৈ এই প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজক সোনেশ্বৰ নৰহ, প্ৰনৱ দলে, বিতোপন পেগু আৰু তিথি পেগুৰ বিৰুদ্ধে বিহিত কাৰ্য্য ব্যৱস্থা গ্ৰহণৰ বাবে গোলাঘাটৰ উপায়ুক্তক জনাইছে অসম ৰাজ্যিক শিশুৰ অধিকাৰ সুৰক্ষা আয়োগে ৷

ৰাজ্যখনত সচৰাচৰ হৈ থকা প্ৰতিবাদ বা আন্দোলনত যাতে শিশুক ব্যৱহাৰ কৰা নহয় তাৰ বাবে প্ৰতিখন জিলাকে আমাৰ ফালৰ পৰা নিৰ্দেশ দিয়া আছে বুলি জনায় আয়োগৰ অধ্যক্ষ ড৹ সুনিতা চাংকাকতিয়ে ৷

শিশুক আন্দোলনৰ কাৰ্যসূচীত ব্যৱহাৰ কাৰ্য্য ২০১৫ চনৰ শিশুৰ প্ৰতিপালন আৰু সুৰক্ষা আইনৰ ৭৫ ধাৰা মতে দণ্ডনীয় অপৰাধ ৷

ইয়াৰ পাচতো অগৰাতলিৰ প্ৰতিবাদত কণ-কণ শিশু সকলক ব্যৱহাৰ হোৱাতো আমি লক্ষ্য কৰিছো আৰু এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আমি গোলাঘাটৰ জিলা উপায়ুক্তক জনাইছো বুলি কয় অধ্যক্ষ গৰাকীয়ে ৷

উপায়ুক্তলৈ প্ৰেৰণ কৰা এই পত্ৰৰ পাচতেই অগৰাতলিৰ প্ৰতিবাদত শিশুক ব্যৱহাৰ কৰা ঘটনা সন্দৰ্ভত বোকাখাত আৰক্ষীয়ে এটা গোচৰ ৰজু কৰি উল্লেখিত ব্যক্তি কেইগৰাকীৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে, ধুবুৰীত শিক্ষকতা কৰি থকা অগৰাতলিৰ যুৱক বিতোপন পেগু আৰু তেওঁৰ এজন সতীৰ্থক ৫ জুনৰ নিশা কাজিৰঙাৰ চোৰাংচিকাৰী প্ৰতিহত কৰাৰ ক্ষেত্ৰত নিয়োজিত থকা আৰক্ষীৰ বিশেষ বাহিনীৰ জোৱানে শাৰিৰীক ভাৱে অপদস্থ কৰাৰ অভিযোগত ৬ জুনৰ বিয়লি এই প্ৰতিবাদ কাৰ্যসুচী ৰূপায়ন কৰা হৈছিল।