চলিত বিত্ত বৰ্ষত পৰিবহণ নিগমে ক্ৰয় কৰিব ৬৭৮ খন বাছ; ২৫ শতাংশ ৰেহাইত হিতাধিকাৰীয়ে ক্ৰয় কৰিব বাছ

ASTC press meet

সংবাদ মেলৰ দৃশ্য

যোগাযোগ ব্যৱস্থা উন্নীত কৰনৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ উবেৰাইজেচন আঁচনি ৷

পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰি পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ে যোগাযোগ ব্যৱস্থা উন্নীত কৰাৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমে উবেৰাইজেচন আঁচনি গ্ৰহণ কৰিছে বুলি কয়।

এই আঁচনিৰ জৰিয়তে হিতাধিকাৰী সকলক ২৫ শতাংশ ৰেহাইত বাছ ক্ৰয় কৰাৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমে যোগান ধৰিব বুলি সংবাদ মেলত ভট্টৰায়ে কয়।

হিতাধিকাৰী সকলে লাভ কৰা ৰেহাইৰ ভিতৰত ১৫ শতাংশ পৰিশোধ কৰিব লাগিব আৰু ১০ শতাংশ ৰেহায় পাব বুলিও অধ্যক্ষ গৰাকীয়ে কয়।

আনহাতে, এই আঁচনিৰ জৰিয়তে ক্ৰয় কৰা গাড়ী অতি কমেও পাঁচ বছৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত চলাব লাগিব বুলিও তেওঁ লগতে কয়।

ইতিমধ্যে আগ্ৰহী হিতাধিকাৰী সকলৰ আবেদনৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে বুলি অধ্যক্ষ গৰাকীয়ে জানিবলৈ দিয়ে।

ব্যক্তিগত ক্ষুদ্ৰ ব্যৱসায়ী, আত্মসহায়ক গোটে এই আঁচনিৰ সুবিধা ল’ব পাৰিব৷ তাৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৱেবচাইট www. Astc.assam.gov.in-ত হিতাধিকাৰীয়ে ১০০০ টকা মাছুলেৰে আৱেদন কৰিব পাৰিব৷ চলিত মাহৰ ২৯ তাৰিখ আবেদনৰ বাবে অন্তিম দিন।

ইয়াৰ উপৰিও ভট্টৰায়ে জানিবলৈ দিয়া অনুসৰি কোনো এজন হিতাধিকাৰীয়ে যি পথত গাড়ী আৱন্টন কৰিব সেই পথতে চলাব লাগিব৷ এজন আবেদকাৰীয়ে বেলেগ বেলেগ পথত সৰ্বোচ্চ ৫ খন গাড়ীৰ বাবে আবেদন কৰিব পাৰিব।

এই আঁচনি ৰূপায়নৰ বাবে চলিত বিত্ত বৰ্ষত ৭০ কৌটি টকা নিৰ্ধাৰণ কৰা হৈছে বুলি উল্লেখ কৰি ভট্টৰায়ে তাৰ বাবে ২০ কোটি টকা ৰাজ্যৰ বিভিন্ন বাছ আস্থান নিৰ্মাণ, মেৰামতি, শিশু পৰিচৰ্যা কক্ষ, প্ৰস্ৰাৱগাৰ, নিৰ্মাণত ব্যয় কৰা হ’ব বুলি জানিবলৈ দিয়ে।

ইয়াৰ বিপৰীতে বাকী থকা ৫০ কোটি টকা আঁচনিৰ অধীনত বাছ ক্ৰয় কৰাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।

গুৰুত্বপূৰ্ণ কথা এয়ে যে প্ৰথম পৰ্যায়ত চলিত বিত্ত বৰ্ষত আৱন্টিত পূজিৰে পৰিবহণ নিগমে ৬৭৮ খন বাছ ক্ৰয় কৰিব বুলি জনিবলৈ দিয়ে অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে।