দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ ছাত্ৰবাসত ছাত্ৰৰ আত্মহত্যা

দেৱাশিষ শইকীয়া

দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ ছাত্ৰবাসত সোমবাৰে নিশা এজন ছাত্ৰই আত্মহত্যাৰ পথ বাছি ল’লে। প্ৰাপ্ত তথ্য মতে ৩ দিন পূৰ্বে ঘৰলৈ যোৱা মহাবিদ্যালয়খনৰ ইংৰাজী বিভাগৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ দেৱাশিষ শইকীয়াই (২০) কালি বিয়লি ছাত্ৰাবাসলৈ উভতি অহাৰ পিছত নৈশ আহাৰ গ্ৰহণ কৰি প্ৰায় ৯:৩০ বজাত নিজ কোঠাত চিপ লয়।

অমায়িক স্বভাৱৰ বাবে বন্ধু-বৰ্গৰ মাজত সুপৰিচিত মাজুলীৰ বনগাঁৱৰ সমীপৰ দেওঁদিআঁতিৰ টেন্ট ব্যৱসায়ী জয়ন্ত শইকীয়াৰ জ্যেষ্ঠ পুত্ৰ দেৱাশিষৰ অস্বাভাৱিক মৃত্যুৰ খবৰত পৰিয়ালটো শোকত ভাঙি পৰাৰ লগতে মহাবিদ্যালয়ৰ সহপাঠী সকলৰ মাজত কান্দোনৰ ৰোল উঠে।

ঘটনাৰ খবৰ পাই দেৰগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট কোশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

জানিব পৰা মতে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ গুৰু ক্ৰীড়া সম্পাদক তথা মহাবিদ্যালয়ৰ ক্ৰিকেট দলৰ অন্যতম সদস্য দেৱাশিষে প্ৰেমজনিত কাৰণত মানসিক চাপত ভোগী আত্মহননৰ পথ বাছি ল’লে বুলি প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে।

ইতিমধ্যে দেৰগাঁও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৪টা মোবাইল ফোন, দুখন ডায়েৰী আৰু এগৰাকী যুৱতীৰ ফটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।