অসমত প্রথমতো সন্দেহজনক ক’ৰোনা ভাইৰাছৰ ঘটনা পোহৰলৈ

Story-3-24-750x375

গুৱাহাটী বিমানবন্দৰত ক'ৰোনা ভাইৰাছ পৰীক্ষণ শিৱিৰ।

অসম প্ৰথমটো সন্দেহজনক ক’ৰোনা ভাইৰাছৰ ঘটনা পোহৰলৈ আহিছে। মৰিগাঁৱৰ এগৰাকী ব্যক্তিৰ শৰীৰত এই ভাইৰাছৰ লক্ষণ দেখা পোৱা বুলি কোৱা হৈছে।

বাতৰি অনুসৰি, লোকপ্ৰিয় গোপানীথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰীক্ষা কৰা কাউন্টাৰত এটা চিকিৎসকৰ দলে পৰীক্ষা কৰোতে এই কথা পোহৰলৈ আহে।

আক্ৰান্ত ব্যক্তিগৰাকী কেৰালাৰ পৰা আহিছিল আৰু তেওঁৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ লক্ষণ দেখা পোৱাৰ পাছত চিকিৎসকৰ দলটোৱে ততাতয়াকৈ গুৱাহাটী মেডিকেল কলেজ হাস্পাতললৈ প্ৰেৰণ কৰে।

অৱশ্যে, এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

ব্যক্তিগৰাকীক হাস্পাতলৰ এক আছুতীয়া ৱাৰ্ডত ৰখা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ভাৰতীয় লোকসকলো ক’ৰ’না ভাইৰাছৰ দ্বাৰ সংক্ৰমিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি প্ৰকাশিত তথ্যৰ পাছতে ভাৰতীয় বিমান প্ৰাধিকৰণে অসম চৰকাৰৰ সহযোগত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত ক’ৰ’না ভাইৰাছ পৰীক্ষণ শিৱিৰ মুকলি কৰিছিল।

বিমান প্ৰধিকৰণৰ এগৰাকী বিষয়াই উত্তৰ-পূবৰ বিভিন্ন অঞ্চললৈ বিমান যাত্ৰা কৰিবলগীয়া লোকসকলৰ বাবেও ক’ৰ’না ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰা হব বুলি জানিবলৈ দিছিল।

‘‘চিংগাপুৰ আৰু ভূটানৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমানযাত্ৰী গুৱাহাটী বিমান বন্দৰত উপস্থিত হয় আৰু সেইবাবে আমি ইয়াত ক’ৰ’না ভাইৰাছৰ বিশেষ পৰীক্ষণ কেন্দ্ৰ মুকলি কৰিছো,’’ বুলি বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিছিল।

উল্লেখযোগ্য যে, চীন আৰু মালেছিয়াকে ধৰি এছিয়াৰ বহুকেইখন দেশত ক’ৰ’না ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰিছে।

চীনত এই পৰ্যন্ত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত আঢ়ৈ শতাধিক লোকৰ মৃত্যু হৈছে।

ভাৰতকো বিশ্ব স্বাস্থ্য সংস্থাই ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত সংবেদনশীল দেশৰ তালিকাত ৰাখিছে।