তেজপুৰৰ পৰা হিমন্ত নালাগে নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচন খেলিলেও কংগ্ৰেছেই জিকিব : ভানু

‘ড০ হিমন্ত বিশ্ব শৰ্মাটো বাদেই, খোদ নৰেন্দ্ৰ মোদীয়েও এইবাৰ নিৰ্বাচনত  তেজপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিলে জিকিব নোৱাৰে। এইবাৰ তেজপুৰ লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী বিজয়ী হোৱাটো নিশ্চিত।‘ আজি বিশ্বনাথত অনুষ্ঠিত কংগ্ৰেছৰ এখন সভাত এই মন্তব্য কৰে অলপতে দলটোত যোগদান কৰা  অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিৱ এম জি ভি কে ভানুয়ে।

তেওঁ লগতে কয় যে ‘এডভান্টেজ আছাম’ৰ কথা কৈ নিবনুৱাক কৰ্ম-সংস্থাপনৰ কথা  কোৱা বৰ্তমানৰ বিজেপি চৰকাৰখনে চাকৰিৰ নামত কি কেলেংকাৰী কৰিছে এতিয়া সকলোৱে দেখিছে। ‘পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তিৰ নামত বৃহৎ কেলেংকাৰী হৈছে। মই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তিৰ ক্ষেত্ৰত চি বি আইৰ তদন্ত দাবী কৰিছো। লাই ডিটেক্টৰৰ জৰিয়তে নৱ দলে আৰু মোক পৰীক্ষা কৰিলে ওলাই পৰিব কেলেংকাৰীত কোন জড়িত।‘ ভানুয়ে কয়।

আনহাতে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে ভানুৰ পৰিবৰ্তে টংক বাহাদুৰ ৰায়ক তেজপুৰৰ পৰা নিৰ্বাচন খেলাবলৈ কুজকাৱাজ চলোৱা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ভানুয়ে তেওঁক তৰুণ গগৈয়ে বহুত ভাল পায় বুলি মন্তব্য কৰে।  তেওঁ কয়, ‘তেখেতৰ লগত কাম কৰিছো মই। মই তেখেতৰ মানুহ।‘