• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত শীঘ্ৰে আৰম্ভ হ’ব বহুকেইটা চি এন জি ষ্টেশ্যন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 15, 2019 3:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ৰাজ্যৰ বিভিন্ন চহৰ-নগৰত চি এন জি (Compressed Natural Gas) ষ্টেশ্যন নিৰ্মাণ কৰা হ’ব, নতুনকৈ এই ষ্টেশ্যনসমূহ নিৰ্মাণ কৰাৰ বাবে চিন্তা-চৰ্চা কৰা হৈছে।’ এই কথা গণেশগুৰিৰ নেডফি হাউচত আয়োজিত এক সংবাদমেলযোগে ঘোষণা  কৰে অসম পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ে।

ইতিমধ্যে দিল্লী অথবা ত্ৰিপুৰাত এই ষ্টেশ্যন গঢ় লৈ উঠিছে যদিও অসম পৰিবহণ নিগমৰ অধ্যক্ষগৰাকীৰ এই ঘোষণাই ডিজেল চালিত বাহনৰ গৰাকীলৈ কঢ়িয়াই আনিছে এক সু-খবৰ। যিহেতু ডিজেল চালিত বাহনৰ গৰাকীয়ে ডিজেলৰ তুলনাত কম মূল্যত লাভ কৰিব চি এন জি।

উক্ত সংবাদমেলতে চি এন জি গেছৰ মূল্য ডিজেলতকৈ বহুখিনি কম বুলি সদৰী কৰি অধ্যক্ষই কয় ‘প্ৰতি পি.জি. চি এন জি গেছৰ মূল্য ৪৪ টকা হোৱাৰ বিপৰীতে হাই স্পীড ডিজেলৰ প্ৰতি লিটাৰৰ মূল্য ৬৬.৫৬ টকা।’

ইয়াৰোপৰি ডিজেলৰ তুলনাত চি এন জি ব্যৱহাৰ কৰিলে বায়ু প্ৰদূষণ বহু পৰিমাণে কমিব বুলিও তেওঁ সংবাদমেলত কয়।

ইতিমধ্যে আসাম গেছ কোম্পানীৰ সৈতে টাই আপ কৰি যুটীয়াভাৱে ডিব্ৰুগড়ত এটা চি এন জি ষ্টেশ্যনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিছে বুলি সদৰী কৰি তেওঁ কয় যে এমাহৰ ভিতৰতে ৰাইজৰ সেৱাৰ বাবে ইয়াক মুকলি কৰি দিয়া হ’ব।

তাৰ পৰৱৰ্তী পৰ্য্যায়ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ চহৰ নগৰত মাটি নিৰ্বাচন কৰি তাতো ষ্টেশ্যন নিৰ্মাণ কৰা হ’ব বুলি তেওঁ সংবাদমেলত জনায়।

‘পৰ্য্যায়ক্ৰমে ৰাজ্যত চি এন জি ষ্টেশ্যনৰ সংখ্যা বৃদ্ধি কৰা হ’ব।‘ অধ্যক্ষগৰাকীয়ে এই আশ্বাস দিয়ে।

আনহাতে ৰাজ্যৰ জ্ঞানজ্যোতি ধৰ্মজ্যোতি আঁচনিৰ বাবে পূৰ্বৰ বাজেটত ডেৰ কোটি টকা ধাৰ্য কৰা হৈছিল যদিও এইবাৰ বাজেট ৩ কোটি টকা ধায্য কৰা হৈছে বুলি দাবী কৰে।

ইয়াৰোপৰি পূৰ্বতে এই আঁচনিৰ জৰিয়তে ৫০ শতাংশ ৰেহাই দিয়া হৈছিল যদিও ইয়াৰ পৰিমাণ বৃদ্ধি কৰি ৭৫ শতাংশ কৰা হৈছে বুলি তেওঁ কয়।

লগতে উপৰোক্ত আঁচনি দুখনৰ অধীনত অসম পৰিবহন নিগমৰ বাছসমূহত ভ্ৰমণ ৰেহাইৰ পৰিমাণ পূৰ্বৰ তুলনাত কিছু বৃদ্ধি কৰা হৈছে বুলি দাবী কৰি ভট্টৰায়ে কয় যে অসম চৰকাৰৰ জনসংযোগ বিভাগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ বাবে ৮০ শতাংশ ৰেহাই(পূৰ্বতে আছিল ৫০ শতাংশ), ছাত্ৰৰ বাবে ৩০ শতাংশ, ছাত্ৰীৰ বাবে ৩৫ শতাংশ, বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে ৪০ শতাংশ, স্বাধীনতা সংগ্ৰামী সকল আৰু শাৰিৰীকভাৱে অক্ষম সকলৰ বাবে বিনামূলীয়া কৰা হৈছে।‘

আনহাতে, ৰাজ্যৰ পৰিবহণ বিভাগত সংযোজন হ’ব ১ হাজাৰ নতুন বাছ।  প্ৰথম পৰ্য্যায়ত ৫০০ খন বাছ ক্ৰয় কৰাৰ বাবে ৫০ কোটি টকা প্ৰস্তাব লোৱা হৈছে।

এই বাছসমূহ ক্ৰয়ৰ ধনৰ ২৫ শতাংশ ৰাজ্য চৰকাৰে নিজৰ ফালৰ পৰা দিব। লগতে বাকী ৭৫ শতাংশ ধনৰ বাবে পৰিবহণ নিগমৰ অৱসৰপ্ৰাপ্ত চাকৰিয়াল বা তেওঁলোকৰ পৰিয়ালৰ লোক, নিবনুৱা উদ্যমী যুৱক আৰু ষ্টাৰ্ট আপ গ্ৰুপক লগত লৈ হিতাধিকাৰী নিৰ্বাচন কৰাৰ বাবে চিন্তা চৰ্চা কৰিছে।

তদুপৰি, হিতাধিকাৰী নিৰ্বাচন কৰিবৰ বাবে নিৰ্বাচনী কমিটি গঠন কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

ইয়াৰোপৰি বাছ আস্থানসমূহৰ উন্নীতকৰণৰ বাবেও ইতিমধ্যে বাজেটত ধন ধাৰ্য কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm
অবৈধ কয়লা খননক লৈ চিবিআইৰ তদন্তৰ দাবী আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ

অবৈধ কয়লা খননক লৈ চিবিআইৰ তদন্তৰ দাবী আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ

September 14, 2025 5:33 pm
সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

September 14, 2025 4:10 pm
ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

September 14, 2025 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm
অবৈধ কয়লা খননক লৈ চিবিআইৰ তদন্তৰ দাবী আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ

অবৈধ কয়লা খননক লৈ চিবিআইৰ তদন্তৰ দাবী আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ

September 14, 2025 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd