NORTHEAST NOW (Assamese)

অসমে নিজাকৈ উৎক্ষেপণ কৰিব উপগ্ৰহ! ঘোষণা বিত্তমন্ত্ৰী অজন্তা নেওগৰ

March 10, 2025 6:41 pm · এন ই নাও নিউজ, গুৱাহাটী

আজি অসম বাজেটত বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিলে অসমে মুকলি কৰিব নিজা উপগ্ৰহ –‘ASSAMSAT’,

সোমবাৰে বিধানসভাত ২০২৫-২৬ বৰ্ষৰ ৰাজ্যিক বাজেট দাখিলৰ সময়ত এই পৰিকল্পনাৰ কথা ঘোষণা কৰে অজন্তা নেওগে।

ৰাজ্য চৰকাৰৰ উদ্দেশ্য হৈছে তথ্য, জটিল আৰ্থ-সামাজিক সমস্যাসমূহৰ ফলপ্ৰসূ সমাধান কৰা।

এই উপগ্ৰহটো কৃষি আৰু দুৰ্যোগৰ বাবে অসমত এক পৰিৱৰ্তনশীল আহিলা হ’ব বুলি ঠাৱৰ কৰা হৈছে।

ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰসাৰ আৰু অনুমোদনৰ সৈতে সহযোগিতামূলক প্ৰচেষ্টাত এই প্ৰকল্প লোৱা হ’ব।

বৰ্ধিত জনসেৱা প্ৰদানৰ বাবে উন্নত মহাকাশ প্ৰযুক্তি ব্যৱহাৰৰ লগতে ৰাজ্য চৰকাৰে কলেজ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক পৰীক্ষামূলক কামত নিয়োজিত কৰিব।

Related News