প্ৰিয়ংকা চোপ্ৰাক চৰকাৰে কিমান ব্যৱহাৰ কৰিব পাৰিছে?, প্রশ্ন জুবিনৰ

22-02-19 Guwahati- Zubin Garg press meet (5)

সংবাদমেলত উত্তৰ-পূব মহোৎসৱৰ ব্ৰেণ্ড এম্বেছাদৰ জুবিন গাৰ্গ। ফটো : য়ু বি

‘আন ৰাজ্যই যিধৰণে পৰ্যটন ক্ষেত্ৰৰ প্ৰচাৰ কৰে, আমাৰ ৰাজ্যই নকৰে। আমাৰ চৰকাৰে পৰ্যটনক গুৰুত্বসহকাৰে ল’ব লাগে। অসমৰ পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাডৰ প্ৰিয়ংকা চোপ্ৰাই চিনেমাত লাগি থাকে। প্ৰিয়ংকা চোপ্ৰাক কিমান দূৰ ব্যৱহাৰ কৰিব পাৰিছে নাজানো। কিন্তু ভালদৰে ব্যৱহাৰ কৰিব পাৰিলে ভাল। যিহেতু প্ৰিয়ংকা চোপ্ৰা এগৰাকী জনপ্ৰিয় অভিনেত্ৰী।‘ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেলযোগে এইদৰে কয় জুবিন গাৰ্গে।

অসমৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ দিশত ৰাজ্য চৰকাৰৰ দায়িত্বহীনতা পুনৰ উদঙাই দিলে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে। তদুপৰি, অসম চৰকাৰে পৰ্যটনৰ প্ৰচাৰত বিশেষ গুৰুত্ব নিদিয়া বুলিও অভিযোগ কৰে জনপ্ৰিয় শিল্পীগৰাকীয়ে।

উল্লেখযোগ্য যে বিগত ৮ ফেব্ৰুৱাৰিৰ পৰা তিনিদিনীয়াকৈ ট্ৰেড এম এম এছে বেংককত অনুষ্ঠিত কৰা উত্তৰ-পূব ভাৰত মহোৎসৱ সন্দৰ্ভত জুবিন গাৰ্গে কয়, ‘প্ৰথমবাৰলৈ বেংককত উত্তৰ-পূব ভাৰত মহোৎসৱ অনুষ্ঠিত হৈছিল। থাইলেণ্ড চৰকাৰে বহুত সহায় কৰিছে। বেলেগ বেলেগ দেশতো এই মহোৎসৱ অনুষ্ঠিত কৰাৰ কথা ভাবি আছোঁ।‘

আনহাতে, সংবাদ মেলত  মহোৎসৱৰ মুখ্য আয়োজক শ্যামকানু মহন্তই জানিবলৈ দিয়ে যে ‘’থাইলেণ্ড আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজত ব্যৱসায়, পৰ্যটন আৰু সাংস্কৃতিক বিনিময় উত্তৰণৰ উদ্দেশ্যৰে যোৱা ৮ৰ পৰা ১০ ফেব্ৰুৱাৰিলৈ তিনিদিনীয়া কাৰ্যসূচীৰে বেংককৰ জনপ্ৰিয় চেন্ট্ৰেল ৱৰ্ল্ডত উত্তৰ-পূব ভাৰত মহোৎসৱ সফলতাৰে অনুষ্ঠিত হৈ যায়।‘’

উক্ত কাৰ্যসূচীৰ আৰম্ভণিৰ দিনা নিশা থাইলেণ্ড চৰকাৰৰ উচ্চপদস্থ বিষয়া, এছিয়ান দেশসমূহৰ ৰাষ্ট্ৰদূত আৰু থাইলেণ্ডৰ শীৰ্ষ উদ্যোগীসকলক লৈ এখন ভোজমেলৰ আয়োজন কৰা হয়। এই ভোজমেলত থাইলেণ্ডৰ বাণিজ্যমন্ত্ৰী ছুটিমা বুন্যাপ্ৰফাছাৰাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি থাইলেণ্ড চৰকাৰৰ পৰা এটা উদ্যোগী দলক উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগ সম্পৰ্কীয় সম্ভাৱনাসমূহৰ অধ্যয়নৰ বাবে প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে।

মহন্তই এপ্ৰিলৰ পৰা গুৱাহাটী-বেংককৰ মাজত প্ৰত্যক্ষ বিমানসেৱা আৰম্ভ হোৱাৰ কথা উল্লেখ কৰি ইয়াৰ জৰিয়তে উত্তৰ-পূব আৰু বেংককৰ মাজত ব্যৱসায় আৰু পৰ্যটনৰ বিকাশ সাধন হ’ব বুলি আশা ব্যক্ত কৰে।