অসম জামাতৰ চৰকাৰলৈ আহ্বান : দিল্লীত কোৱাৰেণ্টাইনৰ ম্যাদ শেষ কৰা জামাতীসকলক উভতাই আনক

60c66b84ff3b48b69870d55e4112433a_18

অসম প্ৰদেশ তবলিগী জামাতে চৰকাৰলৈ আহ্বান জনাইছে যে দিল্লীত কোৱাৰেণ্টাইনৰ ম্যাদ শেষ কৰা জামাতীসকলক অসমলৈ উভতাই আনিব লাগে।

দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতত অংশগ্ৰহণ কৰা অসমৰ বহু জামাতীয়ে দেশজুৰি বলৱৎ হোৱা ল’কডাউনৰ বাবে দিল্লীতে আৱদ্ধ হৈ থাকিব লগা হৈছিল।

উক্ত জামাতীসকলক পিছত দিল্লীত কোৱাৰেণ্টাইন কৰা হৈছিল।

ইতিমধ্যে দিল্লীত আৱদ্ধ হৈ থকা অসমৰ ৪৩৯ গৰাকী জামাতীৰ এখন তালিকা অসম আৰক্ষীক প্ৰদান কৰা হৈছে কৈ অসম জামাত শাখাৰ ক’ৰ মেম্বাৰ জুনাইদ খালিদে সংবাদ মাধ্যমক কয় যে দিল্লীত কোৱাৰেণ্টাইনৰ ম্যাদ শেষ কৰা অসমৰ সকলো জামাতীকে অসম চৰকাৰে ৰাজ্যলৈ ওভতাই আনিব লাগে।

এই সংক্ৰান্তত চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি চৰকাৰী এক সূত্ৰত প্ৰকাশ।

উল্লেখ্য যে অসমৰ ৪৩ গৰাকী কোভিড১৯ত আক্ৰান্তৰ অধিক সংখ্যকেই নিজামুদ্দিন তবলিগী জামাতত অংশগ্ৰহণ কৰাৰ বুলি ৰাজ্য স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰি আহিছে।