৩ অক্টোৱৰৰ পৰা ৫ অক্টোৱৰলৈ অসমত হ’ব ধাৰাসাৰ বৰষুণ, বান পৰিস্থিতিৰ অৱনতিৰ আশংকা

imd-rainfall

৩ অক্টোৱৰৰ পৰা ৫ অক্টোৱৰলৈ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত হ’ব ধাৰাসাৰ বৰষুণ।

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি উক্ত দিন কেইটাত অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বৰষুণ হ’ব।

বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে এই দিন কেইটাত বৰষুণৰ লগতে বতাহেও কোবাই যাব অসম তথা উত্তৰ পূবক।

অসমৰ উপৰি নাগালেণ্ড.মণিপুৰ,মেঘালয় আৰু ছিকিমতো এই দিন কেইটাত বিজুলী গাজনিৰে ধাৰাসাৰ বৰষুণ হ’ব।

সাগৰৰ নিম্ন চাপৰ ফলত  ধুমুহা-বৰষুণৰ সৃষ্টি হোৱাৰ আশংকা আছে বুলি জানিব পৰা গৈছে।

ইপিনে শেহতীয়াকৈ হোৱা বৰষুণৰ পিছতে ৰাজ্যত পুনৰ বান পৰিস্থিতিৰ অৱনতি ঘটিছে।

বৰ্তমানেও ৰাজ্যৰ ২.৮৩ লাখ লোক বানৰ কৱলত আছে।

বিশ্বনাথ, গোৱালপাৰা,যোৰহাট আদি অঞ্চলত শেহতীয়াকৈ হৈ যোৱা বৰষুণে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে।

ৰাজ্যত পুনৰ ধাৰাসাৰ বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰাত সেয়ে স্বাভাৱিকতে শংকিত হৈ পৰিছে বানত হাবু ডুবু খাই থকা লোক সকলে।

অসমৰ ৩৩ খন জিলাৰ ভিতৰৰে ১২ খন জিলা নতুনকৈ বানৰ কৱলত পৰিছে।

যোৱা দুদিনত নতুনকৈ হোৱা বানত এজন লোকৰ মৃত্যু ঘটাৰ লগতে ক্ষতিগ্ৰস্ত হৈছে ২৭,৫০৫ হেক্টৰ কৃষি ভূমিৰ শস্য।

এতিয়াও ৰাজ্যৰ ৪৬০ খন গাওঁ পানীৰ তলতে আছে।চলিত বৰ্ষত বানত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ১২০ গৰাকী।