প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

পাণবজাৰ থানাত গোচৰ ভুক্তভোগী মহিলা সাংবাদিকৰ

Nipa Ba Final

কোনো এখন সংবাদমেল সম্বোধন কৰিলে উদ্যোক্তাক বিষয়টোৰ ওপৰত নজনা কথা থাকিলে প্ৰশ্ন কৰাটো একোগৰাকী সাংবাদিকৰ দায়িত্ব আৰু কৰ্তব্য।

নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰিবলৈ গৈয়ে শাৰীৰিক তথা মানসিকভাৱে অপদস্থ হ’ল এগৰাকী মহিলা সাংবাদিক।

ভুক্তভোগী মহিলা সংবাদিকগৰাকীয়ে পাণবজাৰ থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰা অনুসৰি শনিবাৰে বলিউদৰ পৰিচালক উমাশংকৰ ঝাৰ পৰিচালনাত নিৰ্মাণ হ’বলগীয়া ‘ছেভেন চিষ্টাৰ্ছ ওৱান ব্ৰাদাৰ’ শীৰ্ষক চলচ্চিত্ৰখনৰ সন্দৰ্ভত আয়োজিত এক সংবাদমেলত প্ৰশ্নোত্তৰ কালত প্ৰশ্ন কৰিছিল নিপা কাকতি নামৰ ‘আমাৰ অসম’ কাকতৰ সাংবাদিকগৰাকীয়ে।

সাংবাদিকগৰাকীয়ে চলচ্চিত্ৰখনৰ বিষয়বস্তু বা কাহিনী কেনেধৰণৰ হ’ব সেই সন্দৰ্ভত প্রশ্ন সোধাত পৰিচালকগৰাকীয়ে কয় ‘আমি ছবিখনৰ কাহিনী ৰিভিল কৰিব নোৱাৰো। আমাৰ কিছুমান নিজস্ব ৰোল আছে।‘

তাৰ পাছত সাংবাদিকগৰাকীয়ে পুনৰ প্ৰশ্ন কৰি কয় ‘উত্তৰ-পূৰ্বাঞ্চলক এখন ছবিত উপস্থাপন কৰিব যিহেতু বিচৰা হৈছে, সেয়েহে নিশ্চিতভাৱে পৰিচালক ঝা উত্তৰ-পূবৰ সমস্যা তথা অন্যান্য আনুষংগিক বিষয়বোৰৰ বিষয়ে জানে বা অধ্যয়ন কৰিছে নে?’

এই প্ৰশ্ন শুনিয়েই সহ্য নহ’ল ছবিখনৰ পৰিচালকৰ। নিপা কাকতিৰ ওপৰত খৰ্গহস্ত হৈ পৰিচালকগৰাকীয়েহে ওলোটাই সাংবাদিকগৰাকীক প্ৰশ্ন কৰিবলৈ লয়।

‘আপুনি উত্তৰ পূৰ্বাঞ্চলৰ সকলো কথা জানে নেকি?’ পৰিচালকগৰাকীয়ে খঙত এই কথা কয় নিপা কাকতিক।

তাৰোপৰি, এজাহাৰত কাকতিয়ে উল্লেখ কৰা অনুসৰি অসমীয়া গামোচাখনেৰে তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ বাবে অনা অসমীয়াৰ স্বাভিমান গামোচাখন অসমৰ হয় নে বুলি প্ৰশ্ন কৰাত সাংবাদিকগৰাকীকহে ওলোটাই উপস্থিত সকলোৱে ঠাট্টা-মস্কৰা কৰিবলৈ আৰম্ভ কৰে।

ইমানতে ক্ষান্ত নাথাকি চলচ্চিত্ৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰা সকলোৱে বিভিন্ন প্ৰশ্ন সুধি ইতিকিং কৰাৰ লগতে প্ৰশ্ন কৰাৰ বাবে ক’ত সাহস পালে বুলিও প্ৰশ্ন কৰে।

‘এই অনুষ্ঠানত এজন শকত-আৱত লোকে নিপা কাকতিক এইবোৰ প্ৰশ্ন কৰিবলৈ সাহস ক’ত পালে, আপুনি কোন আদি প্রশ্ন কৰে তেওঁ প্ৰশ্ন কৰাৰ পাছতে তেওঁক সমৰ্থন জনাই সকলোৱে হাঁহিৰে কিৰিলি পাৰি উঠে। আৰু প্ৰেক্ষাগৃহৰ বাহিৰলৈ ওলাই অহাৰ পাছত মই প্ৰেছ ক্লাৱৰ কৰ্তৃপক্ষক এই এই সন্দৰ্ভত অৱগত কৰাৰ পাছত সেই মানুহজনে পুনৰ মোক চোঁচা মাৰি আহি বাহুত ধৰি বাহিৰলৈ ঠেলি মাৰি বাহিৰলৈ উলিয়াই লৈ যায়।‘ শাৰীৰিকভাৱে অপদস্থ কৰা এজাহাৰত এইদৰে উল্লেখ কৰে কাকতিয়ে।

নিপা কাকতিক এইদৰে শাৰীৰিকভাৱে অপদষ্ট কৰা লোকজন প্ৰাঞ্জল কুমাৰ গগৈ বুলি চিনাক্ত কৰা হৈছে।

সাংবাদিক নিপা কাকতিয়ে কৰ্তব্যৰ সময়ত তেওঁক শাৰীৰিকভাৱে অপদষ্ট কৰা লোকজন সন্দৰ্ভত বিহিত ব্যৱস্থা ল’বলৈ পাণবজাৰ মহিলা আৰক্ষীক দাবী জনাইছে।

পাণবজাৰ মহিলা আৰক্ষীয়ে আজি প্ৰাঞ্জলৰ লগতে উদ্যোক্তাসকলক থানালৈ মাতি আনি বৰ্তমানো সোধা-পোছা অৱ্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

ইপিনে, মহিলা সাংবাদিকক শাৰীৰিকভাৱে অপদষ্ট কৰা ঘটনাৰ পাছতে ক্ষোভ প্ৰকাশ কৰি এই ঘটনাৰ গৰিহণা দিছে যুৱ সাংবাদিক মঞ্চ, অসমে।

মঞ্চৰ সম্পাদক নীতিশ শৰ্মা আৰু যুটীয়া সম্পাদক ক্ৰমে দিব্যজ্যোতি দাস আৰু দেৱাশীষ কাঠকটীয়াই এক বিজ্ঞপ্তিৰ জৰিয়তে এই কাৰ্যৰ গৰিহণা দি লগতে কয় ‘দোষীক যাতে শীঘ্ৰে আৰক্ষীয়ে শাস্তি প্ৰদান কৰে লগতে প্ৰেছ ক্লাৱৰ দৰে স্থানত এগৰাকী মহিলা সাংবাদিকক অপদস্থ কৰা ঘটনাৰ গৃহ বিভাগে তদন্ত কৰক।’