NORTHEAST NOW (Assamese)

কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা মাতৃৰ শিশুসকলক দুগ্ধপান কৰোৱাব এগৰাকী মহিলাই

May 17, 2021 9:13 pm · এন ই নাও নিউজ
Updated: May 18, 2021 1:51 pm

কৰোনাত আক্ৰান্ত হৈ মাতৃৰ মৃত্যু হোৱা নৱজাতকক নিজ বক্ষৰ দুগ্ধপান কৰিব এগৰাকী দুমহীয়া কন্যা সন্তানৰ মাতৃয়ে।

মুম্বাইস্থিত মাতৃগৰাকীয়ে ইতিমধ্যে গুৱাহাটীলৈ আহি কৰোনা ভাইৰাছত আক্ৰান্ত হৈ আইচ’লেশ্যনত থকা আৰু মৃত্যু হোৱা মাতৃৰ কণমানি শিশু সন্তানসকলক দুগ্ধপান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

ৰণিতা কৃষ্ণ শৰ্মা ৰাখী নামৰ মুম্বাইত প্ৰডাকচন মেনেজাৰ হিচাপে কৰ্মৰত মহিলাগৰাকীয়ে আন মাতৃসকলকো এনে মহৎ কামৰ বাবে ওলাই আহিবলৈ আহ্বান জনাইছে।

“যিহেতু মই ইয়াত বাস কৰো, সেয়ে এয়া কেৱল গুৱাহাটীৰ বাবেহে। যদি কোনো নৱজাতকক মাতৃদুগ্ধৰ প্ৰয়োজন হয় মই ইয়াত সহায় কৰিবলৈ আহিছো।” ৰেখীয়ে যোৱা ৪ মে’ত টুইটত এইদৰে কৈছিল।

ৰাখীয়ে এতিয়ালৈকে কোনো লোকে তেওঁলৈ এই ধৰণৰ অনুৰোধ লৈ অহা নাই যদিও তেওঁ চ’ছিয়েল মিডিয়াৰ বিভিন্ন মাধ্যমেৰে এই খবৰ প্ৰেৰণ কৰিছে।

“এই মুহূৰ্তত মই মাত্ৰ এইটোহে কৰিবলৈ সামৰ্থ্য আছে।” নিজ স্বামীয়ে তেওঁক এই কামৰ বাবে উৎসাহিত কৰা বুলি উল্লেখ কৰি ৰাখীয়ে এইদৰে কয়।

উল্লেখ্য যে অসমত ইতিমধ্যে অসমত ৮৭২ গৰাকী মাতৃৰ মৃত্যু হৈছে আৰু ইয়াৰ মাজৰ গুৱাহাটীত মৃত্যু হোৱা মাতৃৰ সংখ্যা হ’ল ২৯৬ গৰাকী।

Related News