মঙলবাৰে বিয়লি নেদেখা দেশলৈ গুচি গ’ল অসমীয়া চলচিত্ৰ জগতৰ এগৰাকী প্ৰবীণ অভিনেতা মিহিৰজ্যোতি বৰুৱা। দীৰ্গ্হদিনৰ ধৰি অসুস্থ হৈ আছিল অভিনেতাগৰাকী। মাত্ৰ ৫৮ বছৰ বয়সতে অসমীয়া মনোৰঞ্জনৰ জগতত শোকৰ ছাঁ পেলাই শেষ নিশ্বাস ত্যাগ কৰিলে অভিনেতাগৰাকীয়ে।
যোৱা ৭৫ দিন ধৰি একেৰাগে গুৱাহাটী হেল্থ চিটি হাস্পাতালত চিকিৎসাধীন হৈ আছিল বৰুৱা।
জানিব পৰা মতে তেওঁ বৃক্কৰ ৰোগ আৰু মধুমেহকে ধৰি কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছিল।
অসমৰ গোলাঘাট জিলাত জন্মগ্ৰহণ কৰা বৰুৱা অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী সুপৰিচিত ব্যক্তি আছিল। তেওঁ কেইবাখনো নাটক, চিনেমা আৰু ধাৰাবাহিকতো অভিনয় কৰিছিল।
তেওঁৰ অভিনয় কৰা কেইখন মান উল্লেখযোগ্য চিনেমা হ’ল – চামেলি মেমছাব (১৯৭৫), সূৰ্য্য তেজৰ অন্য নাম (১৯৯১), বাৰুদ (২০০৪), আৰু সৰু বোৱাৰী (২০০৩)।
এইদৰে কেইবাখনো হিট অসমীয়া কথাছবিত বলিষ্ঠ অভিনয়েৰে অসমীয়া সাংস্কৃতিক জগতলৈ এক অনন্য বৰঙনী যোগাই থৈ গৈছে মিহিৰজ্যোতি বৰুৱা। এতিয়া তেখেতৰ মৃত্যুত সমগ্ৰ অসমৰ সাংস্কৃতিক জগতৰ লোকসকলৰ লগতে তেওঁৰ অনুৰাগীসকলে শোক প্ৰকাশ কৰিছে।