কৰ’না সংকটৰ মাজতে ছচিয়েল মিডিয়াত আকৰ্ষণৰ কেন্দ্ৰবিন্দু এগৰাকী অসমীয়া কইনা

WhatsApp-Image-2020-05-24-at-11.41.52-AM-750x375

চৌদিশে কৰ’না ভাইৰাছ মহামাৰীয়ে আতংকৰ পৰিৱেশ সৃষ্টি কৰিছে। লকডাউনৰ ফলত মানুহে ঘৰত সোমাই থাকিয়েই বিশ্বৰ বিভিন্ন ঘটনাৰ খৱৰ লোৱাৰ লগতে মনৰ খোৰাকো লাভ কৰিছে।

লকডাউনৰ সময়ছোৱাত ছচিয়েল মিডিয়াত বিভিন্ন সৃষ্টিমূলক কামকাজৰ ব্যাপক চৰ্চাও চলিছে।

শেহতীয়াকৈ ছচিয়েল মিডিয়াত এগৰাকী অসমীয়া কইনাৰ ফটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

অসমীয়া ঐতিহ্যবাহী পৰাম্পৰাগত কইনাৰ পাট কাপোৰৰ সাজযোৰৰ সৈতে বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কইনাই পৰিধান কৰা মাস্কখন।

পাট কাপোৰেৰে আকৰ্ষণীয়ভাৱে ডিজাইন কৰা এই মাস্ক পৰিধান কৰা কইনাগৰাকীৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

জানিব পৰা মতে, এই বিশেষ আকৰ্ষণীয় মাস্কখনৰ ডিজাইন কৰিছে ফেশ্বন ডিজাইনাৰ নন্দিনী বৰকাকতিয়ে।

কৰ’না মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেশত চলি থকা লকডাউনৰ সময়ত চৰকাৰী নীতি-নিৰ্দেশনা মানি চলাটো অত্যন্ত জৰুৰী।

সেইদৰে প্ৰতিজন ব্যক্তিয়ে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে মাস্ক পৰিধান কৰাটো অপৰিহাৰ্য।

মাস্ক পৰিধান নকৰা বহু ব্যক্তিক আৰক্ষীয়ে জৰিমনা বিহাৰ বাতৰিও প্ৰকাশ পাইছে।

আনহাতে, বজাৰত বিভিন্ন ডিজাইনৰ মাস্ক এতিয়া সুলভ হৈ পৰিছে। সকলোকে মাস্ক পৰিধান কৰাৰ বাবে ব্যাপক আহ্বানো জনাই অহা হৈছে।

মাস্কৰ ডিজাইন আৰু ব্যৱহাৰক লৈ বিভিন্ন প্লেটফৰ্মত চৰ্চা চলি থকাৰ মাজতে অসমীয়া কইনাৰ সাজৰ লগত পাট কাপোৰেৰে ডিজাইন কৰা উক্ত মাস্ক পৰিহিত ফটোখনেও ব্যাপক চৰ্চা লাভ কৰিছে।

উল্লেখযোগ্য যে ইয়াৰ মাজতে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অসমীয়া গামোচাক মাস্ক হিচাপে ব্যৱহাৰ কৰা বিষয়টোৱেও চৰ্চা লাভ কৰিছে।