NORTHEAST NOW (Assamese)

“মা, মোক ৰক্ষা কৰক। মোক ইহঁতে মাৰি পেলাব।”

March 27, 2023 5:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 27, 2023 5:32 pm

হাইদৰাবাদত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা। দেওবাৰে নিশা হাইদৰাবাদত সহকৰ্মীৰ নৃশংস প্ৰহাৰত প্ৰাণ হ’ল এজন অসমীয়া যুৱকৰ।

সূত্ৰ অনুসৰি হায়দৰাবাদৰ আলিয়াবাদ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। সেই অঞ্চলৰে এখন ফাৰ্মত নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত আছিল ভুক্তভোগী যুৱকজন।

মৃত যুৱকজন বিহপুৰীয়াৰ বাসিন্দা টংকেশ্বৰ বৰা ওৰফে প্ৰবীন আৰু তেখেতৰ বয়স ৪৫ বছৰ বুলি জানিব পৰা গৈছে।

অভিযোগ অনুসৰি ফাৰ্মখনত নিশাৰ দায়িত্বত থকা টংকেশ্বৰক বিহাৰৰ এগৰাকী সহকৰ্মীয়ে পাইপেৰে প্ৰহাৰ কৰি হত্যা কৰে। হত্যা কৰাৰ পিছত অভিযুক্তই মৃতদেহটো বস্তাত ভৰাই পানীত পেলাই দিয়ে।

সোমবাৰে পুৱা হায়দৰাবাদ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি বিষয়টোৰ তদন্ত আৰম্ভ কৰে।

ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰা বুলি বাতৰি প্ৰকাশ পাইছে।

উল্লেখ্য যে ইয়াৰ কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশত অসমৰ টুটান দে নামৰ এজন যুৱকক হত্যা কৰি মৃতদেহ টুকুৰাকৈ টুকুৰকৈকাটি পেলোৱা হৈছিল। মৃত্যুৰ আগত তেওঁ মাতৃক ফোন কৰি কৈছিল, “মা, মোক ৰক্ষা কৰক। মোক ইহঁতে মাৰি পেলাব। মই আৰু আপোনাক দেখা নাপাম।”

সূত্ৰ অনুসৰি উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ ৰে’লপথত দুটুকুৰাকৈ কাটি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল টুটানৰ মৃতদেহ। ৰেল বিভাগতে কৰ্মৰত আছিল লামডিঙৰ টুটান দে নামৰ যুৱকজন।

Related News