অসম সাহিত্য সভাৰ শুৱালকুছি অধিবেশনত অসমীয়া বিজ্ঞান সাহিত্য সন্মিলন অনুষ্ঠিত

Anil Sharma Award

বঁটা প্ৰদানৰ দৃশ্য

বিজ্ঞান সাহিত্য প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিবেশনত অনুষ্ঠিত অসমীয়া বিজ্ঞান সাহিত্য সন্মিলনৰ আজি শুভ উদ্বোধন কৰে য়ুনিভাৰচিটি অৱ চায়েঞ্চ এণ্ড টেকন’লোজী মেঘালয়ৰ (য়ু এছ টি এম) আচাৰ্য্য শিক্ষাচাৰ্য্য মহবুবুল হকে।

অনুষ্ঠানতে উত্তৰ-পূব বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক বিজয়কৃষ্ণ দেৱশৰ্মাক বৈজ্ঞানিক সাহিত্যৰ জনপ্ৰিয়তাৰ বাবে ‘অনিল শৰ্মা’ পুৰস্কাৰেৰে বিভূষিত কৰা হয়।

ড০ জ্যোতিপ্ৰসাদ মেধি সোঁৱৰণি অসমীয়া বিজ্ঞান সাহিত্য সন্মিলনখন সঞ্চালন কৰে বিশিষ্ট কবি, লেখক বলেন্দ্ৰ কুমাৰ দাসে।

অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অৰূপ কুমাৰ মিশ্ৰ, দীপক শৰ্মা, জয়দীপ বৰুৱা, সৌম্যদ্বীপ দত্ত আৰু জয়ন্ত কুমাৰ গোস্বামীয়ে।

‘‘বিজ্ঞান সাহিত্যই শিশুৰ মনত উৎসাহ প্ৰবনতা জগাই তুলিব পাৰে। বিজ্ঞান সাহিত্যৰ মাজেদি বিজ্ঞান শিক্ষাৰ প্ৰসাৰ হয় আৰু ইয়ে সমাজত বৰ্তী থকা বিভিন্ন অন্ধবিশ্বাস আৰু কু সংস্কাৰ নাশ কৰাত সহায় কৰে,’’ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মহবুবুল হকে এনেদৰে কয়।

আনহাতে, বঁটা গ্ৰহণ কৰি উৎফুল্লিত বিজয়কৃষ্ণ দেৱশৰ্মাই কয় যে অসম সাহিত্য সভাই বিজ্ঞান সাহিত্যক জনপ্ৰিয় কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে তেওঁ আনন্দিত।

অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি কুলধৰ শইকীয়াও অনুষ্ঠানত উপস্থিত থাকি সমাজ জীৱনত বিজ্ঞান সাহিত্যৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।