NORTHEAST NOW (Assamese)

বেংগালুৰুত সন্ধানহীন অসমৰ যুৱক : চকুত টোপনি নাই মাক-দেউতাকৰ

April 12, 2023 9:39 pm · এন ই নাও নিউজ, গুৱাহাটী

জীৱিকাৰ সন্ধানত অসমৰ বিভিন্ন ঠাইৰ নিৱনুৱা যুৱকযুৱতী বহিঃৰাজ্যলৈ যায়। কিন্তু দুখৰ খবৰটো হ’ল যে বহিঃৰাজ্যত গৈ বিভিন্ন সময়ত সন্ধানহীন হৈ পৰে অসমৰ যুৱকযুৱতী। আনকি কেতিয়াবা হত্যাৰো বলি হ’ব লগা হয়।

এইবাৰো তদ্ৰুপ ঘটনাই সংঘটিত হ’ল বেংগালুৰুলৈ কৰ্ম সংস্থাপনৰ বাবে যোৱা অসমৰ যুৱকৰ লগত।

যোৱা ৬ দিন ধৰি বেংগালুৰুত নিখোজ হৈ আছে ২০১৫ চনৰ পৰা চহৰখনত কৰ্মৰত হৈ থকা এজন যুৱক। খুমটাই সমষ্টিৰ শাঁওতলীৰ দিনেশ কুৰ্মী নামৰ আদিবাসী যুৱকজনৰ কোনো শুংসূত্ৰ নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালটো। যোৱা ৬ এপ্ৰিলত যুৱকজনে শেষবাৰৰ কাৰণে ফোন কৰিছিল ঘৰলৈ ।

তাৰ পিছৰ পৰাই পৰিয়ালে যোগাযোগ কৰিব পৰা নাই যুৱকজনৰ সৈতে। ইতিমধ্যে পৰিয়ালটোৱে খুমটাই আৰক্ষী আৰু গোলাঘাটৰ উপায়ুক্তক বিষয়টো অৱগত কৰিছে যদিও বৰ্তমানলৈকে কোনো শুংসূত্ৰ ওলোৱা নাই ৷

নিৰুদ্দেশ যুৱকজনৰ পিতৃমাতৃ সহিতে পৰিয়ালৰ সকলোৰে চকুত কেৱল চকুপানী ৷ বিহুৰ বতৰত বাট চাই আছে ল’ৰাটো ঘৰলৈ আহিব।

যদি কোনো লোকে যুৱকজনৰ সন্ধান পাই তেন্তে ৬০০২৩২৪৪৭৫, ৮৮২২৮৭০৮০৩ নম্বৰত পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷

Related News