• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“কেব” বাতিল নকৰা পৰ্য্যন্ত চৰকাৰী অনুষ্ঠান বৰ্জনৰ হুংকাৰ অসমৰ শিল্পী সমাজৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 10, 2019 9:31 pm
9.2k
VIEWS
Share on FacebookShare on Twitter

আজি অসমৰ সৰ্বত্ৰে হোৱা “কেব” বিৰোধী আন্দোলনলৈ সকলো স্তৰৰ সঁহাৰিৰ সমান্তৰালভাৱে মহানগৰত ওলাই আহিল অসমৰ শিল্পী সমাজ।

বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদৰ কাৰ্য্যসূচী হিচাপে চান্দমাৰিস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰৰ পৰা শিল্পী সমাজে বাহিৰ কৰে এটা সমদল।

“কেব” বাতিল কৰাৰ দাবীত বেনাৰ, প্লেকাৰ্ড লৈ কেইবা শ শিল্পীয়ে গুৱাহাটী ক্লাবলৈকে এই প্ৰতিবাদী সমদলটোত ভাগ লয়।

অভিনেত্ৰী বৰষাৰাণী বিষয়া, কন্ঠশিল্পী দীক্ষু, বৰ্ণালী কলিতা, মণ্টুমণি, উৎপল কলিতাকে ধৰি শতাধিক শিল্পীক ৰাজপথত নমা দেখা যায় কেবৰ বিৰোধিতাত।

জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই নাগৰিকত্ব সংশোধনী বিধেয়কক জাতিধ্বংসী আখ্যা দি কয়, “কেব বাতিল নকৰা পৰ্য্যন্ত চৰকাৰী কাম-কাজ বা অনুষ্ঠানত অসমৰ কোনো শিল্পীয়ে সহযোগ নকৰো”।

প্ৰতিবাদটোত অংশগ্ৰহণ কৰা বিখ্যাত কৰিঅ’গ্ৰাফাৰ উদয় শংকৰৰো একেই হুংকাৰ, “চৰকাৰে যদি “কেব” বাতিল নকৰে মৰি যাম, তথাপি চৰকাৰৰ হৈ একো কাম নকৰো।”

“আজি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে আমি প্ৰতিবাদ কৰিবলৈ ওলাই আহিছো। অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰলৈ বিনম্ৰ অনুৰোধ অসমীয়া ভাষা-সংস্কৃতি বিনষ্ট কৰিব পৰা এই বিধেয়ক বাতিল কৰক”, সমদলৰ নেতৃত্বত থকা আন এগৰাকী জমপ্ৰিয় কন্ঠশিল্পী মণ্টুমণি শইকীয়াৰ মন্তব্য।

কণ্ঠশিল্পী দীক্ষু বৰুৱাই কয়, “চৰকাৰে অসমীয়া মানুহৰ আৱেগক লৈ যাতে খেলা নকৰে তাৰ বাবে আমি বিনম্ৰ অনুৰোধ জনাইছো। মুঠৰ ওপৰত ন’ কেব, ন’ কেব, ন’ কেব।”

Recent News

পথৰ কুকুৰক খাদ্যৰে প্ৰলোভিত কৰি ধৰ্ষণ! বন্ধুৱে কৰা ভিডিঅ’ৰ ভিত্তিত গ্ৰেপ্তাৰ এজন যুৱক

পথৰ কুকুৰক খাদ্যৰে প্ৰলোভিত কৰি ধৰ্ষণ! বন্ধুৱে কৰা ভিডিঅ’ৰ ভিত্তিত গ্ৰেপ্তাৰ এজন যুৱক

এইগৰাকী ৰাষ্ট্ৰপতিক ধৰি আনি দিলেই দিব ৪০০ কোটি টকাৰ পুৰস্কাৰ! কিয় ইমান খং ট্ৰাম্পৰ?

এইগৰাকী ৰাষ্ট্ৰপতিক ধৰি আনি দিলেই দিব ৪০০ কোটি টকাৰ পুৰস্কাৰ! কিয় ইমান খং ট্ৰাম্পৰ?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

জাননী অবিহনে কাৰো নাম আঁতৰ কৰা নহ’বঃ বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী সম্পৰ্কত নিৰ্বাচন আয়োগ

জাননী অবিহনে কাৰো নাম আঁতৰ কৰা নহ’বঃ বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী সম্পৰ্কত নিৰ্বাচন আয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd