• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাওঁপন্থাত বিশ্বাসীক শুভেচ্ছা জনাই বিপদত পৰিল বিজেপিৰ নেতা; বাধ্য হ’ল পদত্যাগ কৰিবলৈ

জে এন য়ুৰ নিৰ্বাচনত জয়ী হোৱা সৃজনী ভাস্ব মহন্তক জনাইছিল শুভেচ্ছা

by
September 19, 2018 10:13 am
Suranjan Dutta Post

সুৰঞ্জন দত্তৰ ফেইচবুক পোষ্টটোৰ স্ক্ৰীন শ্বট।

688
VIEWS
Share on FacebookShare on Twitter

মতাদৰ্শগত বিপৰীত মেৰুত থকা সত্ত্বেও এজন অসমীয়া হিচাপে আন এজন অসমীয়াৰ সাফল্যত শুভেচ্ছা জ্ঞাপন কৰাটো তেনেই স্বাভাৱিক কথা। কিন্তু সেইটো কৰিয়েই বিপদত পৰিল অসম ৰাজ্যিক বিজেপিৰ আই টি চেল তথা ছ’চিয়েল মিডিয়া বিভাগৰ সহঃ আহ্বায়ক সুৰঞ্জন দত্ত। অৱশেষত তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হ’ল।

যোৱা ১৬ তাৰিখে ঘোষিত হোৱা দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বাওঁ মহাজোঁটৰ প্ৰাৰ্থী হিচাপে জয়ী হোৱা অসমৰ সৃজনী ভাস্ব মহন্তক শুভেচ্ছা দি সুৰঞ্জন দত্তই নিজৰ টাইমলাইনত সৃজনীৰ উক্ত বিজয়ৰ মুহূৰ্তৰ ফটো সম্বলিত পোষ্ট শ্বেয়াৰ কৰিছিল।

ইয়াৰ পিছতে দলৰ কৰ্মী-সমৰ্থক আৰু গেৰুৱা মতাদৰ্শত বিশ্বাসী অলেখজনৰ ব্যাপক প্ৰতিক্ৰিয়া আৰু সমালোচনাৰ সন্মুখীন হয় দত্ত। দত্তই ‘এগৰাকী অসমীয়া জীয়ৰীৰ সফলতা হিচাপেহে সৃজনীক শুভেচ্ছা দিছে, সমৰ্থন কৰা নাই’ বুলি স্পষ্টীকৰণ দিয়ে। লগতে কয়, “তেওঁক শুভেচ্ছা দি মানুহ হিচাবে সৌজ্যনতা প্ৰকাশ কৰিলো।”

এই স্পষ্টীকৰণৰ পিছতো বিভিন্ন প্ৰশ্নবাণেৰে তেওঁক আক্ৰমণ কৰে গেৰুৱা দলটোৰ সমৰ্থকসকলে। গেৰুৱা আদৰ্শৰ সমৰ্থকসকলৰ ভাষ্যৰ মূল বক্তব্য হ’ল, অসম-অসমীয়াৰ জাতীয়তাবাদ ডাঙৰ নহয়, হিন্দুত্বৰ আদৰ্শহে ডাঙৰ।

দলটোৰ এজন সমৰ্থকে লিখিছে, “JNU Student union election ত অসমীয়া ছোৱালীয়ে সফলতা লাভ কৰিছে সেয়া একো ডাঙৰ কথা নহয়। লাগিলে ই মোৰ তেজ মঙহৰে হওক ..”।

অগ্নিভ দত্ত নামৰ এজন লোকে ইতিকিং কৰি লিখিছে, “কেতিয়াবা কামৰুজ জামানক লৈও জাতীয় প্ৰেম নহয় যাতে।”

আন এগৰাকীয়ে লিখিছে, “যোৰহাটৰ ছোৱালীজনীৰ কথা মনত আছে নহয় দাদা নে পৰিবৰ্তনৰ ফলত পাহৰিলে ।।”

উত্তৰত সুৰঞ্জন দত্তই লিখিছে, “আক্ৰোশেৰে একো নহয় ভনী”।

এইদৰে ব্যাপক ৰোষৰ সন্মুখীন হোৱা সুৰঞ্জন দত্ত তেওঁৰ পোষ্টটোক লৈ ৰাজ্যিক নেতৃত্বৰো ভৰ্ৎসনাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে। ফলত দত্তই পিছদিনা পুৱাই আন এটা পোষ্টত ক্ষমা বিচাৰে।

Suranjan Dutta
সুৰঞ্জন দত্তৰ পদত্যাগ পত্ৰখন।

কিন্তু ঘটনাটোৱে অধিক গম্ভীৰ ৰূপ লয় আৰু ১৭ তাৰিখৰ সন্ধিয়া দায়িত্বৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হয়। তেওঁ নিজৰ ভুল হোৱা বুলি আৰু তেওঁৰ পোষ্টটোৱে দলৰ কাৰ্য্যকৰ্তাক আঘাত দিয়া বুলি উল্লেখ কৰি পদত্যাগৰ অনুমতি বিচাৰি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসলৈ পত্ৰ প্ৰেৰণ কৰে। তেওঁ নিজৰ টাইমলাইনতো পদত্যাগ পত্ৰখন প্ৰচাৰ কৰাৰ লগতে লিখে, “সুহৃদগণ,
যি সকলক মৰ্মাহত কৰিলো কৰযোৰে ক্ষমা বিচাৰিলো….. দ্বায়িত্বৰ পৰা অব্যাহতি বিচাৰিছো।” লগতে অধিক বিতৰ্ক নকৰিবলৈ আহ্বান জনায়।

ছ’চিয়েল মিডিয়াত ঘটনাটোৰ প্ৰতিক্ৰিয়া দি বহুতে প্ৰশ্ন কৰিছে, নিজৰ মতাদৰ্শৰ সৈতে মিল নথকা বাবেই এজন অসমীয়া হিচাপে আন এজন অসমীয়াৰ সাফল্যত অভিনন্দন জনোৱাটোত ভুল ক’ত? ‘উগ্ৰ ৰাষ্ট্ৰীয়তাবাদৰ আদৰ্শত বিশ্বাসী বিজেপি আৰু আৰ এছ এছ তথা এ বি ভি পিৰ ওচৰত অসমীয়াত্বৰ কোনো মূল্য নাই নেকি’ বুলি প্ৰশ্ন উত্থাপন হোৱা দেখা গৈছে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd